1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 7:43 pm

কেৱল ভাগিনেই নহয়, ভাগিনীসকলৰ কথাও ভাৱিছে মামাই…

  • Update Time : Thursday, March 3, 2022

ডিজিটেল ডেস্কঃ এফালে পৌৰসভা আৰু আনফালে মাজুলীৰ উপ নিৰ্বাচন। গৰম ৰাজ্যৰ ৰাজনৈতিক বতাহ।  মাজুলী দখলৰ বাবে উবুৰি খাই পৰিছে দিছপুৰ। এনে পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হৈ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।  মুখ্যমন্ত্ৰীগৰাকীয়ে উক্ত কেইবাখনো সভাত পুনৰ দোহাৰিলে পূৰ্বৰ প্ৰতিশ্ৰুতি।

মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া আগৰ প্ৰতিশ্ৰুতি দোহাৰি কয়- ভাগিনসকলে বুলেট পাবই। কিন্তু এইবাৰ ভাগিনীসকলকো দিম সুবিধা। ৰাজ্যৰ কলেজীয়া ছাত্ৰীসকললৈ ভাল খবৰ দি মুখ্যমন্ত্ৰীয়ে ঘোষনা কৰে যে- , শিক্ষানুষ্ঠানলৈ যাওঁতে হোৱা খৰচ লাভ কৰিব কলেজীয়া ছাত্ৰীসকলে । শিক্ষানুষ্ঠানত থকা সময়ত প্ৰয়োজনীয় যাৱতীয় খৰচো বহন কৰিব চৰকাৰে ।

উল্লেখ্য যে, মাজুলীত বিজেপিৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ বৃহস্পতি আৰু শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme