1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 7:44 pm

এতিয়াহে চলিব আক্ৰমণ! খাৰকিভ এৰিলে ৩হাজাৰ ভাৰতীয়ই…

  • Update Time : Thursday, March 3, 2022

ডিজিটেল ডেস্কঃ ভাৰতীয় দূতাবাসৰ নিৰ্দেশ মৰ্মে বুধবাৰে নিশাৰে পৰা বৰ্তমান পৰ্যন্ত প্ৰায় ৩হাজাৰো অধিক ভাৰতীয়ই এৰিলে ইউক্ৰেইনৰ খাৰকিভ চহৰ।  কেৱল এয়াই নহয়, এতিয়ালৈকে প্ৰায় ১৮হাজাৰ ভাৰতীয়ই ইউক্ৰেইনৰ সীমা পাৰ হৈ অন্য দেশত প্ৰৱেশ কৰিছে। বিদেশ মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি ভাৰতীয় সকলক ঘৰলৈ সুকলমে ঘূৰাই আনিবৰ বাবে আগন্তুক ২৪ঘন্টাত ১৮খনকৈ বিমানৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ কৰা প্ৰয়োজন যে, বুধবাৰে সন্ধিয়াৰে পৰা ইউক্ৰেইনৰ খাৰকিভ চহৰ দখলৰ বাবে অগ্ৰসৰ হৈ আক্ৰমণ চলাইছিল ৰুছ সেনাই। কিন্তু উক্ত চহৰখনত বহু ভাৰতীয় নাগৰিক থকাৰ বাবে নৰেন্দ্ৰ মোদীয়ে পুটিনক বিশেষ আহ্বান কৰিছিল। এই আহ্বানৰ প্ৰতি সহাৰি জনাইয়েই ৰাছিয়াই কেইঘন্টামানৰ বাবে আক্ৰমণ বন্ধ কৰি ৰাখিছিল। উল্লেখ্য যে, বুধবাৰে হোৱা টেলিফোনিক বাৰ্তালাপত ইউক্ৰেইনত মৃত্যু হোৱা ভাৰতৰ ছাত্ৰজনৰ বাবে দুখ প্ৰকাশ কৰিছিল পুটিনে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme