ডিজিটেল ডেস্কঃ মহাকাশৰ ইউৰোপীয়ান ৰকেটত কেইখন মান দেশৰ পতাকা৷ ৰাছিয়ান স্পেচ এজেঞ্চী মুৰব্বী দিমিত্ৰী ৰোগোজিন শ্বেৰ্ডে বুধবাৰে টুইটাৰ যোগে এটা ভিডিঅ’টো পষ্ট কৰিছে। যত জাপান, আমেৰিকা যুক্তৰাজ্য আৰু ইউৰোপীয় দেশ সমূহৰ পতাকা বোৰ স্পেচ ৰকেটৰ ওপৰত ঢাকি দিয়া হৈছে৷
ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ কৰাৰ পিছৰে পৰা ৰাছিয়াই এক চেভৰ গ্লোবেল বেকলেছৰ সন্মুখীন হোৱাৰ পিছতে, ৰাছিয়াৰ এই পদক্ষেপ হাতত লোৱা দেখা যায়৷ ৰাছিয়াৰ মত অনুসৰি ৰাছিয়াৰ ৰকেটত কিছুমান বিশেষ দেশৰ পতাকা নাথাকিলে বেছি শুৱনি দেখে৷ কিন্তু কিমান যুক্তি সম্পন্ন ৰাছিয়াৰ এই মন্তব্য৷ এই বিষয়ে সচেতন মহলত উত্থাপিত হৈছে প্ৰশ্ন৷ বুধবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনত ভাৰতে ৰাছিয়াক ঘনীভূত কৰা প্ৰস্তাৱৰ ওপৰত ভোটদান নকৰাৰ বাবেই ঢাকি দিয়া নহ’ল নেকি জাতীয় পতাকা৷ অনাগত দিনত ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ অব্যাহত থাকিলে কোন কোন দেশে কাৰ কাৰ পক্ষত থিয় হব সেয়া সময়তহে পৰিলক্ষিত হ’ব৷