ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত আজি ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ। ১০খন জিলাৰ ৫৭ টা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইভিএম ত ভাগ্য বন্দী হ’ব যোগী আদিত্যনাথৰো। গোৰখপুৰ সমষ্টিৰ পৰা প্ৰথমবাৰলৈ প্ৰাৰ্থীত্ব আগবঢ়াইছে যোগী আদিত্যনাথে। ৫৭টা সমষ্টিৰ মুঠ ৬৭৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ইভিএমত। ইপিনে ভোটদান প্ৰক্ৰিয়া শেষ নহওঁতেই ৮০ শতাংশ ৰাইজে বিজেপিকেই বিচৰা বুলি দাবী বিজেপিৰ। ইয়াৰোপৰি আদিত্যনাথে দাবী কৰিছে যে এইবাৰ সকলো ৰেকৰ্ড ভংগ কৰি বিজেপিয়েই দখল কৰিব উত্তৰ প্ৰদেশ।