ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলিত যুদ্ধই প্ৰভাৱ পেলাব ভাৰতৰ সৈতে থকা ৰাছিয়াৰ সামৰিক চুক্তিত। পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ ওপৰত লগোৱা প্ৰতিবন্ধকতাই প্রভাৱ পেলাৱ সামৰিক চুক্তিত। ৰাছিয়াৰ পৰা ভাৰতে আমদানি কৰা বায়ুসেনাৰ বিশেষ সেৱা S-400 আমদানি কৰিব নোৱাৰিব ভাৰতে। ৰুছ ৰাজদূতে প্ৰকাশ কৰিছে এই কথা।
ভাৰতত থকা ৰুছ ৰাজদূত ডেনিছ এল্ফই প্ৰকাশ কৰিছে যে, বৰ্তমানলৈ ভাৰত ৰাছিয়াৰ সামৰিক চুক্তিত যুদ্ধই প্ৰভাৱ পেলোৱা নাই। এই চুক্তি বৰ্তমানলৈ অব্যাহত আছে। ৰাছিয়াক কোনোৱে হৰুৱাব নোৱাৰে। ছাইৰ মাজৰ পৰাই ৰাছিয়া পুনৰ উঠি আহিব। ইতিহাস সাক্ষী আছে ৰাছিয়াই নিজক উঠাব পৰাৰ কৌশল ভালকৈয়ে আয়ত্ব কৰি থৈছে। অৰ্থনীতি নামিবলৈ ৰাছিয়াই নিদিয়ে। ভাৰতো চিন্তিত হ’ব নালাগে। ৰাছিয়াই নিজা চুক্তিৰ পৰা কেতিয়াও পিছ নামি নাহে। চুক্তি আছে, থাকিবই।
উল্লেখ্য যে ৰাছিয়াৰ ৰাষ্ট্ৰদূতৰ এই অভয়দানৰ পিছতেই ভাৰতো এই দুৰাকাংঙ্ক্ষাৰ পৰা মুক্ত হৈ পৰিছে।