1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 4:27 pm
Trending:
চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting

ৰাছিয়াই ১০০ কিলোটনৰ পাৰমাণৱিক বোমা পেলালে কি হ’ব কিয়েভত, হিৰোছিমাতকৈও ভয়াৱহ কিয় হ’ব?

  • Update Time : Wednesday, March 2, 2022

ডিজিটেল ডেস্কঃ ৰাছিয়াই ইউক্ৰেইনত যদি সচাঁকৈয়ে পাৰমাণৱিক বোমা পেলাই তেন্তে কি হ’ব? জাপানৰ হিৰোছিমাত হোৱাৰ দৰেই বছৰ বছৰ ধৰি সেই স্থানৰ জনতা বিকলাংগই হ’ব নেকি? ৰাছিয়াই বুটাম টিপিলেই শেষ হৈ যাব নেকি ইউক্ৰেইনৰ বহুকেইখন চহৰ? ইত্যাদি প্ৰশ্ন নিশ্চয় বহুতৰে মনত উদয় হৈছে! ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইতিমধ্যে পাৰমাণৱিক আক্ৰমণৰ সতৰ্কবাণী দিছে। ইউক্ৰেইনৰ জনতা তথা ৰাষ্ট্ৰপতি যুদ্ধৰ সপ্তমটো দিনটো হাৰ মানিব খোজা নাই। হাৰ নমনা জেলেনস্কিৰ দেশৰ জনতাৰ একতা দেখি ৰাছিয়া অধিক হিংসাত্মক হৈ পৰিছে বুলি একাংশই চৰ্চা কৰিছে। তাৰ মাজতেই বিশ্বৰ অন্যান্য দেশসমূূহে ৰাছিয়াক এই আক্ৰমণ বন্ধ কৰিবলৈকো আহ্বান জনাইছে।

ভাইৰেল খবৰ অনুসৰি ৰাছিয়াই কিয়েভ পুনৰ আক্ৰমণ কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে। মেক্সাৰ টেকন’লজিছৰ দ্বাৰা মুকলি কৰা উপগ্ৰহ চিত্ৰত দেখা গৈছিল যে ৰাছিয়াৰ সৈন্যৰ এটা ডাঙৰ কনভয় চহৰখনৰ উত্তৰ অংশৰ মাজেৰে কিয়েভৰ ফালে গতি কৰিছে। আহি থকা কনভয়টো প্ৰায় ৬৮ কিঃমিঃ দীঘল। এই ছবিখনে ইংগিত দিছে যে পুটিন কোনোপধ্যেই হাৰি যোৱা ভকত নহয়। কিয়েভ দখলৰ বাবে পূৰ্ণ প্রস্তুতি পুটিনে লৈছে।

ৰাছিয়াই কিয়েভত পৰমাণু আক্ৰমণ চলালে কি হ’ব?

বিশ্বত সৰ্বাধিক পাৰমানৱিক অস্ত্ৰ থকা দেশেই হৈছে ৰাছিয়া। মহাশক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাকো চেৰ পেলাই ৰাছিয়াৰ হাতত আছে প্ৰায় ৬০০০ পাৰমাণৱিক অস্ত্ৰ। যদি ৰাছিয়াই তাৰে ভিতৰত ১০০ কিলোটন ওজনৰ এটা পাৰমাণৱিক বোমাও পেলাই তেম্তে কিয়েভৰ এক বৰ্গ কিঃমিঃ এলেকা চকুৰ পচাৰতে জ্বলি ছাই হ’ব। প্ৰায় ১০ বৰ্গ কিঃমঃ এলেকাজুৰি পাৰমাণৱিক তেজস্ক্ৰিয়তা বিয়পি পৰিব। প্ৰজন্মৰ পিছত প্ৰজন্ম, বছৰ বছৰ ধৰি সেই তেজস্ক্ৰিয়তাৰ ভুক্তভোগী হ’ব। ৫ লাখৰো অধিক লোকৰ এই আক্ৰমণত থিতাতেই মৃত্যু হ’ব। কেৱল এয়াই নহয়, ইয়াৰ প্ৰভাৱত ১৪.২ বৰ্গ কিলোমিটাৰ এলেকাৰ সকলো ঘৰ খহি পৰিব। তাপীয় বিকিৰণ ৪৮ বৰ্গ কিলোমিটাৰ এলেকাত বিয়পি পৰিব। ১৫-২৭ লাখ লোক এই বিকিৰণৰ ভুক্তভোগী হ’ব। ইয়াৰ প্ৰভাৱ ৯৪ বৰ্গ কিলোমিটাৰ লৈকে হ’ব পাৰে। ফলস্বৰূপে, কাষৰীয়া এলেকাৰ ঘৰবোৰৰ খিৰিকীৰ কাঁচ ভাঙিব পাৰে।

১৯৪৫ চনৰ ৬ আগষ্টত জাপানৰ হিৰোছিমাত আমেৰিকা যুক্তৰাষ্ট্ৰই পেলোৱা “লিটল বয়” নামৰ পাৰমানৱিক বোমাটোৰ শক্তি আছিল প্ৰায় ১২-১৫ কিলোটন। ফলস্বৰূপে, পাঁচ বৰ্গ মাইল এলেকা সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। ১৪,০০০ লোকৰ মৃত্যু হৈছিল। সেই ঘটনাটোৰ প্ৰায় ৮ টা দশক পাৰ হৈ গৈছে। প্ৰযুক্তিবিদ্যাৰো যথেষ্ট উন্নতি হৈছে। সময়ৰ লগে লগে পাৰমাণৱিক অস্ত্ৰবোৰ আৰু অধিক মাৰাত্মক ৰূপত গঢ়া হৈছে। সেই সময়ৰ তুলনাত বিশ্বৰ দেশবোৰৰ হাতত বৰ্তমান থকা পাৰমাণৱিক অস্ত্ৰবোৰ কিমান ভয়ানক হ’ব পাৰে সেয়া কল্পনা কৰিলেই অনুমেয়।

উল্লেখ্য যে ৰাছিয়াৰ পিছতেই পাৰমাণৱিক শক্তিৰে শক্তিয়ান দেশ আমেৰিকা। আমেৰিকাৰ হাতত প্ৰায় ৫৪২৮ পাৰমাণৱিক অস্ত্ৰ আছে, তাৰপিছতেই চীন, চীনৰ হাতত প্ৰায় ৩৫০ টা পাৰমাণৱিক অস্ত্ৰ আছে, চতুৰ্থতে ফ্ৰান্স, ফ্ৰান্সৰ হাতত ২৯০, পঞ্চমতে আছে ইউ. কে , ইউ. কেৰ হাতত আছে ২২৫টা পাৰমাণৱিক অস্ত্ৰ, ষষ্ঠতে পাকিস্তান, পাকিস্তানৰ হাতত আছে ১৬৫ টা পাৰমাণৱিক অস্ত্ৰ। পাৰমাণৱিক অস্ত্ৰৰে সপ্তম স্থানত আছে আমাৰ দেশ ভাৰতবৰ্ষ, ভাৰতৰ হাতত আছে ১৬০টা পাৰমাণৱিক অস্ত্ৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme