1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:45 am

ভিক্ষা বৃত্তিৰেই লাখপতি মহিলা, উদ্ধাৰ ৩টাকৈ ট্ৰাংকত কেইটা লক্ষাধিক টকা

  • Update Time : Tuesday, March 1, 2022
Kanika

ডিজিটেল ডেস্কঃ উত্তৰ দিনাজপুৰৰ ইছলামপুৰৰ এজন ভিক্ষাৰী৷ ট্ৰাংকে ট্ৰাংকে উলাইছে বহুটো টকা৷ কেনেকৈ ভিক্ষাৰী এজনে ইমান টকাৰ গৰাকী হৈছিল? ভিক্ষাৰী গৰাকীৰ নাম কণিকা৷ মৃত মহিলাগৰাকীয়ে ভগ্নী মনিকা আৰু তেওঁলোকৰ বৃদ্ধ মাতৃৰ সৈতে ইছলামপুৰৰ ১৩ নং ৱাৰ্ডত বাস কৰিছিল৷ স্থানীয় লোক সকলে তেওঁক ভিক্ষাৰী বুুলিয়ে জানিছিল৷ মহিলা গৰাকীয়ে ভিক্ষা কৰিয়ে সাচি ৰাখিছিল টকা৷ পাঁচদিন আগতে মৃত্যু হৈছে কণিকা দেৱীৰ। আৰু তেতিয়াই পোহৰলৈ আহিছে এই ঘটনা৷ মহিলাগৰাকীৰ ঘৰৰ পৰা পৰিয়ালৰ সদস্য আৰু আত্মীয়-চুবুৰীয়াসকলে মহিলা গৰাকীৰ তিনিটা ভৰ্তি ট্ৰাংক লাভ কৰিছিল৷ আৰু ট্ৰাংকবোৰ খুলি ছোৱাত সকলোৱে আচৰিত হৈ পৰিছিল৷ কাৰণ ট্ৰাংকটোৰ পৰা লাভ কৰিছিল বহুটো টকা৷

কণিকাৰ ককাদেউতাই ইছলামপুৰৰ আন ঠাইত বাস কৰিছিল। তেওঁৰ পৰিয়ালে জনায় যে জমা কৰা ধনবোৰ বৃদ্ধ মাতৃৰ নামত বেংকত ৰখা হ’ব। বাকীখিনি তেখেতৰ সকামত ব্যৱহাৰ কৰা হ’ব। টকা সঞ্চয় কৰাটো সাধাৰণ মানুহৰ ক্ষেত্ৰত যথেষ্ট কঠিন৷ তেনে পৰিপেক্ষিতত এইগৰাকী মহিলাই ভিক্ষা কৰি লক্ষাধিক টকা সঞ্চয় কৰি সকলো আচৰিত কৰি তুলিছে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme