1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:50 am

যুদ্ধ অব্যাহত, প্ৰাণ গ’ল ভাৰতীয় ছাত্ৰৰ…

  • Update Time : Tuesday, March 1, 2022

ডিজিটেল ডেস্কঃ ইউক্ৰেইনত প্ৰথম জন ভাৰতীয় ছাত্ৰৰ মৃত্যু৷ নিহত ছাত্ৰ গৰাকীৰ নাম নবীন শেখৰাপ্পাৰ৷ নিহত ছাত্ৰগৰাকী কৰ্ণাটকৰ হাভেৰীৰ খাৰকিভ মেডিকেল বিশ্ববিদ্যালয়ত অধ্যয়নৰত৷ চিকিৎসা বিজ্ঞানৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ আছিল নবীন৷ ইউক্ৰেইনৰ পৰিস্থিতি শোচনীয়৷ বৈদেশিক মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইত যোগে জনায় যে “খাৰকিভত সংঘটিত বিমান আক্ৰমণত এজন ভাৰতীয় ছাত্ৰ নিহত হোৱাৰ কথা জনাবলৈ পাই মই দুখিত। বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংলাই ৰাছিয়া আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতসকলক ভাৰতীয় নাগৰিকসকলৰ বাবে জৰুৰী সুৰক্ষিত পথৰ বাবে ভাৰতৰ দাবী পুনৰাবৃত্তি কৰিবলৈ আহ্বান জনাইছিল।

ইউক্ৰেইনত এতিয়াও বিশ হাজাৰ ভাৰতীয় নাগৰিক আছে আৰু বেছিভাগেই শিক্ষাৰ্থী৷ তাৰে ছয় হাজাৰ লোকে ভাৰতলৈ ঘূৰি আহিছে যদিও এতিয়াও ষোল্ল হাজাৰ নাগৰিক ইউক্ৰেইনত আৱদ্ধ হৈ আছে৷ ভাৰতীয় দূতাবাসে শিক্ষাৰ্থীসহ সকলো নাগৰিকক যিকোনো উপায়েৰে ইউক্ৰেইনৰ ৰাজধানী কিয়েভ এৰি যাবলৈ পৰামৰ্শ দিয়ে। এই সমস্যাৰ সময়ছোৱাত ভাৰত চৰকাৰে ইউক্ৰেইনলৈ অপাৰেশন গংগা নামেৰে এটি অপাৰেশন আৰম্ভ কৰিছে৷ যাৰ জৰিয়তে ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিক সকলক নিজ মাতৃ ভূমিলৈ ঘূৰি অহাত সহায়ক হ’ব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme