1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 12:25 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

কামৰূপ মহানগৰত শীঘ্ৰে নিৰ্ণায়িত হ’ব মহানগৰৰ প্ৰকৃত বাছ আস্থানসমূহ…

  • Update Time : Monday, February 28, 2022

ডিজিটেল ডেস্ক, গুৱাহাটীঃ পথ সুৰক্ষা তথা পথ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বিভিন্ন দিশ পৰ্যালোচনাৰ বাবে আজি কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত পথ দুৰ্ঘটনা ৰোধৰ বাবে যোৱা পথ সুৰক্ষা সমিতিৰ সভায়ে দিয়া নিৰ্দেশনা সংশ্লিষ্ট বিভাগসমূহে কিদৰে কাৰ্যকৰী কৰিলে, সেই বিষয়ে পৰ্যালোচনা কৰা হয়। জালুকবাৰী, খানাপাৰা, বশিষ্ট আদি স্থানত ৰাজহুৱা পৰিবহন সেৱাৰ প্ৰকৃত ষ্টপেজ নিৰ্ণয়ৰ বিষয়টো সভাত বিশদভাৱে আলোচনা কৰা হয়। আনহাতে, কোনো ব্যক্তিৰ পথ দুৰ্ঘটনা সংঘটিত হলে তেওঁ যাতে মৃত্যুৰ মুখত নপৰে সেই উদ্দেশ্যে উপায়ুক্তগৰাকীয়ে সোণাপুৰ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আদিৰ নিৰ্দিষ্ট ট্ৰমা চেন্টাৰসমূহ ২৪ ঘন্টাই খোলা ৰাখিবলৈ আৰু জৰুৰী চিকিৎসাৰ সকলো ধৰণৰ সুবিধা ৰাখিবলৈ উপায়ুক্তগৰাকীয়ে জিলা চিকিৎসা বিভাগক ব্যৱস্থা লবলৈ অনুৰোধ জনায়।

আনহাতে, পথ দুৰ্ঘটনা সম্পৰ্কত সকলো তথ্য তাৎক্ষণিক উপলব্ধ কৰাৰ বাবে ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাই পথ মন্ত্ৰালয়ৰ বিশ্ব বেংক সাহাৰ্যপ্ৰাপ্ত ‘The Integrated Road Accident Database’ (iRAD) এপটো সভাত ব্যৱহাৰিক প্ৰদৰ্শন কৰা হয়। সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত ভাৰপ্ৰাপ্ত কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া গৌতম দাসে কয় যে এই এপটোৱে আৰক্ষী, চিকিৎসা বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ, লোক নিৰ্মাণ, পৰিবহণ আদি বিভাগসমূহক পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত একত্ৰিতভাৱে কম সময়ৰ ভিতৰত কাম কৰাৰ সুবিধা প্ৰদান কৰিব। আনহাতে, জনসাধাৰণৰ সেৱাৰ সুবিধাৰ্থে জিলাখনৰ ৰাজহুৱা পৰিবহণ সেৱাৰ আস্থানসমূহ নিৰ্ণয় কৰিবলৈ উপায়ুক্তগৰাকীয়ে প্ৰয়োজনীয় পদক্ষেপ লোৱা হ’ব বুলি সভাত ব্যক্ত কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme