ডিজিটেল ডেস্কঃ ৰেম্প ৱাক এৰি হাতত অস্ত্ৰ তুলি লৈছে ইউক্ৰেইনৰ এগৰাকী মডেলে৷ দেশ মাতৃক ৰক্ষাৰ বাবে আগবাঢ়ি আহিছে যুৱতী গৰাকী৷ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছত, ইউক্ৰেইনৰ সাধাৰণ লোকসকলে ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবলৈ হাতত অস্ত্ৰ তুলি লৈছে। অভিনেতা, খেলুৱৈ আৰু সাধাৰণ জনতাৰ লগতে ইউক্ৰেইনৰ বিউটি কুইন “মিছ গ্ৰেণ্ড ইউক্ৰেইন” আনাস্তাচিয়া লেনাও নামি পৰিছে যুদ্ধক্ষেত্ৰত।
লেনাই ইউক্ৰেইনৰ সামৰিক বাহিনীত যোগদান কৰিছে। তেওঁ নিজ ফটো ইনষ্টাগ্ৰামত আপলোড কৰাৰ পিছতে ভাইৰেল হৈ পৰে৷ ২৪ বছৰ বয়সতে ২০১৫ চনত লেনাই মিছ গ্ৰেণ্ড ইউক্ৰেইনৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল৷ ইউক্ৰেইনক ৰক্ষা কৰিবলৈ নিজকে যুদ্ধক্ষেত্ৰত ব্যস্ত ৰখাৰ সিদ্ধান্ত লৈছে এইগৰাকী মডেলে৷ গ্লেমাৰাছ কাপোৰত দেখা পোৱা মডেলগৰাকীক এতিয়া দেখা গৈছে সেনাৰ পোছাকত। ইয়াৰ পূৰ্বে আনাস্তাচিয়াই তুৰস্কত পাব্লিক ৰিলেছন মেনেজাৰ হিচাপে কৰ্মৰত আছিল৷ ইনষ্টাগ্ৰাম আৰু স্নেপচ্যাটত আনাস্তাচিয়াক সামৰিক সঁজুলিৰ সৈতে প্ৰশিক্ষণ ক্ষেত্ৰত অনুশীলন কৰা দেখা যায়।
ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰাৰে পৰা, তেওঁৰ দেশক সমৰ্থন কৰিবলৈ ছ’চিয়েল মিডিয়াৰ সহায় কৰিবলৈ আহ্বান জনাই আহিছে৷ শনিবাৰে, আনাস্তাচিয়াই ইনষ্টাগ্ৰামত বিভিন্ন প্ৰকাৰৰ দেশপ্ৰেমমূলক সমল শ্বেয়াৰ কৰিছে, লগতে শ্বেয়াৰ কৰিছে যুদ্ধৰ ফটোও৷ আনাস্তাছিয়াই কয় যে ইউক্ৰেইনৰ সেনাই যেনেদৰে যুঁজি আছে যে নাটোৱে ইউক্ৰেইনত প্ৰৱেশৰ বাবে আবেদন কৰিব লাগে৷ এগৰাকী মডেল হোৱাৰ উপৰিও, আনাস্তাচিয়াই কিয়েভৰ স্লাভিষ্টিক বিশ্ববিদ্যালয়ৰ পৰা মাৰ্কেটিং এণ্ড মেনেজমেণ্টত স্নাতক ডিগ্ৰী লাভ কৰিছে। তেঁও ইউক্ৰেইনবাসীক ৰাছিয়াৰ বিৰুদ্ধে থিয় হ’বলৈও আহ্বান জনাইছে।