1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 15, 2025, 2:23 am

IPL-ত আটাইতকৈ বেছি টকা লোৱা ঋষভৰ কিয় এই দশা? এখন, দুখন নহয় তিনিখন মেচতেই ব্যৰ্থতাৰ হেট্ৰিক ঋষভৰ। টকা বেছি লৈ খেলিব পাহৰিলে নেকি ঋষভে?

  • Update Time : Wednesday, April 2, 2025

এইবাৰ ঋষভ পণ্টৰ পৰা আশা কৰি লাভ নাই, চলিত IPLত ধাৰাবাহিকভাৱে কিয় ব্যৰ্থ ঋষভ পণ্ট?
আচলতে ঋষভ পণ্টৰ হৈছে কি? বাৰে বাৰে কিয় হৈছে বিফল!
IPL২০২৫ ত ব্যৰ্থতাৰ হেট্ৰিক গঢ়িলে ঋষভ পণ্টে, সৰ্বাধিক মূল্য লৈ এয়া কি কৰিছে ঋষভ পণ্টে?
হয়তো সেইবাবে কোৱা হয় টকা মূৰত ধৰিলে লক্ষ্য ভ্ৰষ্ট হয় ঠিক ঋষভ পণ্টৰ দৰে।

চলি আছে IPL ২০২৫, হৈ যোৱা মেচসমূহত কোনোবা গৰাকী ক্ৰিকেটাৰ প্ৰদৰ্শন যদি শোচনীয় কোনোবাগৰাকীৰ আকৌ প্ৰশংসনীয়। পিছে পাছ নহয় বাৰে বাৰে ফেইল কৰিছে ঋষভ পণ্টে
শেহতীয়াকৈ চলিত IPLত লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ অধিনায়ক ঋষভ পণ্টৰ প্ৰদৰ্শনক লৈ ক্ৰিকেটা দুনীয়াত চলিছে চৰ্চা। কাৰণ ব্যৰ্থতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে ঋষভ পণ্টে। চলিত IPLত ৬টা বলত শূণ্য ৰান,SRHৰ বিৰুদ্ধে ১৫টা বলত ১৫ ৰান। মঙলবাৰে অনুষ্ঠিত হোৱা মেচখনত পঞ্জাৱ কিংছৰ বিৰুদ্ধে ৫ টা বলত মাত্ৰ ২ ৰান কৰিয়েই উভতিল ঋষভ পণ্ট। উল্লেখযোগ্য যে চলিচ IPLত সৰ্বাধিক মূল্য লাভ কৰিছিল ঋষভ পণ্টে। সেয়ে ঋষভ পণ্টৰ এই ধাৰাবাহিক ব্যৰ্থতাক লৈ চৰ্চা চলিছে। টকা ঠিকেই ল’লে কিন্তু কাম কৰিব নোৱাৰিলে ঋষভ পণ্টে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme