1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:49 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

মহাৰাষ্ট্ৰত নামঘৰৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই…

  • Update Time : Friday, February 18, 2022

ডিজিটেল ডেস্কঃ শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে মহাৰাষ্ট্ৰত মুকলি কৰে শ্ৰীশংকৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা৷ মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কৰজত অঞ্চলৰ পোচাৰি আৰু টাওৰে গাঁৱৰ ৰাইজৰ উদ্যোগত তথা মুম্বাইৰ প্ৰবাসী অসমীয়া সমাজৰ সহযোগত এই কামভাগিৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াযোগে কয়- গাঁওখনত শ্ৰীশংকৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ। ৰাজ্যৰ বাহিৰত থাকিও নিজৰ শিপা পাহৰি নোযোৱা এইসকলৰ দৰে শ্ৰদ্ধেয় ব্যক্তিৰ প্ৰচেষ্টাতেই যে এদিন অসমীয়া সংস্কৃতিয়ে জগত সভাত স্ব-গৰিমাৰে উজলি উঠিবলৈ সক্ষম হ’ব, সেয়া ধুৰুপ।

ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই নামঘৰ নিৰ্মাণৰ বাবে আৰ্থিক অনুদানকে ধৰি সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰোঁ। লগতে নামঘৰৰ সমীপতে মা কামাখ্যা দেৱীৰ এটি মন্দিৰ নিৰ্মাণৰ বাবেও আমি পদক্ষেপ গ্ৰহণ কৰিম। অনুষ্ঠানত মাননীয় স্থানীয় বিধায়ক শ্ৰীমহেন্দ্ৰ থোৰাৱেৰ লগতে মুম্বাইৰ অসম এছ’চিয়েচন আৰু শ্ৰীময়ী অসমীয়া মহিলা সমাজৰ বিষয়ববীয়াসকলো উপস্থিত থাকে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme