ডিজিটেল ডেস্কঃ প্ৰেমৰ টান৷ ১৭বছৰীয়া এগৰাকী কিশোৰীৰ কাৰ্যকলৈ এতিয়া সমগ্ৰতে চৰ্চা৷ কোনোৱে কৈছে ৱাহ, প্ৰেমৰো থাকে ইমান টান৷ কোনোৱে ব্যংগ কৰি লিখিছে ‘দে আই জনসংখ্যা এটা কমিল’৷ ঘটনাটো হাৰিয়ানাৰ এখন গাঁৱৰ৷ প্ৰেমৰ বাবেই ভাৰতৰ সীমা পাৰ হৈ কিশোৰীগৰাকীয়ে ভৰি দিলে বাংলাদেশত৷ বাংলাদেশৰ তেঁতুলিয়া জিলাৰ হাছিনুৰ ৰহমান নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত উপস্থিত হৈছে ভাৰতীয় কিশোৰীগৰাকী৷ বৃহস্পতিবাৰে পুৱা বাংলাদেশত প্ৰৱেশ কৰিছে যুৱতীগৰাকীয়ে৷ হাছিনুৰ ৰহমানৰ পুত্ৰৰ আব্দুল লতিফৰ সৈতে প্ৰেমৰ সম্পৰ্কেৰে বান্ধ খাইছিল দুয়ো৷ লতিফক লগ পোৱাৰ হেঁপাহেৰে কাটাতাঁৰৰ বেৰ অতিক্ৰমি কিশোৰীগৰাকীয়ে প্ৰবেশ কৰে বাংলাদেশত৷ কিশোৰী খুচনোমাৰ সৈতে প্ৰায় ৮বছৰে লতিফ প্ৰেমৰ সম্পৰ্কত আছে৷ কিন্তু প্ৰেমৰ কথা জানো আইনে সকলো সময়তে মানি ল’ব৷ এনেকৈ বাংলাদেশত গোপনে প্ৰৱেশ কৰাৰ বাবেই খুচনোমাক আটক কৰিছে বাংলাদেশ আৰক্ষীয়ে৷
আৰক্ষীয়ে আটক কৰাৰ পিছতেই লতিফৰ দাবী তেওঁ খুচনোমাৰ সৈতে বিবাহত আবদ্ধ হৈছে৷ বিবাহসূত্ৰে খুচনোমাই বাংলাদেশৰ নাগৰিকত্ব পোৱাটো জৰুৰী৷ কিন্তু আৰক্ষীয়ে বিষয়টোক কেন্দ্ৰ কৰি বিশেষ দাৰাত দুয়োকে গ্ৰেপ্তাৰো কৰাৰ কথা প্ৰকাশ কৰিছে৷ কিয়নো খুচনোমা বৰ্তমানো বিবাহৰ উপযুক্ত হৈ উঠা নাই৷ সেয়ে আৰক্ষীয়ে খুচনোমাৰ ভাৰতলৈ পুনৰ ঘূৰি যাবলৈ অনুমতি প্ৰদান কৰিছে৷ কুচনোমা ঘূৰি আহিবনে নিজ গৃহলৈ সেই কথাহে বৰ্তমানো স্পষ্ট হোৱা নাই৷