1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 5:12 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

মহাকাশত অঘটন, মহাকাশতে ভাঙিল মহাকাশযানৰ টয়লেট

  • Update Time : Saturday, November 6, 2021

ডিজিটেল ডেস্কঃ মহাকাশত বিজ্ঞানীমহলে প্ৰত্যেক দিনেই চলাই আছে বিভিন্ন গৱেষণা। শেহতীয়াকৈ চাৰিজন মহাকাশচাৰীসহিতে ছয় মাহৰ বাবে মহাকাশলৈ পঠিওৱা হৈছিল এখন যান। মহাকাশত ছমাহ ধৰি থকা এই মহাকাশযানখনে পৃথিৱীলৈ ঘূ্ৰি অহাৰ পথতে অথন্তৰ লাগিল। এলেন মাস্কৰ কোম্পানী স্পেচ এক্স ক্ৰু-২ য়ে চলোৱা অভিযান সুকলমে সামৰি উভতাৰ পথতে যানখনত থকা শৌচালয়টো ভাঙি পৰে। ফলস্বৰূপে, মহাকাশ কেন্দ্ৰৰ চাৰিজন মহাকাশচাৰীয়ে বিপাঙত পৰিছে। ডায়েপাৰৰ ব্যৱহাৰ কৰিবলৈও সীমিত ডায়েপাৰ যানখনত থকাৰ বাবে পৃথিৱীৰ পৰা ডায়েপাৰ অহালৈ অপেক্ষা কৰিব লগা হৈছে। মহাকাশযানখনত থকা মহাকাশচাৰীসকলে একেৰাহে ২০ ঘণ্টা ধৰি একেটা ডায়েপাৰ পিন্ধি আছে বুলি প্ৰকাশ কৰিছে মহাকাশ সংস্থা নাছাই। নাছাই কয় যে শৌচাগাৰৰ ক্ষতিৰ বাবে পৃথিৱীৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ ওপৰৰ মহাকাশযানত চাৰিজন মহাকাশচাৰীয়ে একেৰাহে ২০ ঘণ্টা ডায়েপাৰ পিন্ধি আছে। এই অভিযানকালত বিজ্ঞানীসকলে বিভিন্ন সমস্যাৰ মুখামুখি হৈছে যদিও এই সমস্যাটোৱে এতিয়া গুৰুত্বৰ হৈ পৰিছে বিজ্ঞানীসকলৰ বাবে। সমগ্ৰ অভিযানটোত অংশগ্ৰহন কৰিছিল জাপান এৰোস্পেচ এক্সপ্লোৰেচন এজেন্সিৰ আকিহিকো হোছিডে, নাছাৰ শ্বেন কিমব্ৰো আৰু মেগান মেকআৰ্থাৰ আৰু ইউৰোপীয় মহাকাশ সংস্থাৰ থমাছ পেচকাট।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme