1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
March 12, 2025, 1:18 pm

বিধানসভাৰ মজিয়াত দাখিল কৰা হ’ল ২০২৫-২৬ বৰ্ষৰ পূৰ্ণাংগ বাজেট, বিত্তমন্ত্ৰীৰ বাজেটত কি উপহাৰ আছে অসমবাসীৰ বাবে?

  • Update Time : Monday, March 10, 2025

 

আজি বিধানসভাত দাখিল কৰা হয় ২০২৫-২৬ বৰ্ষৰ বিত্তীয় বাজেট, য’ত কেইবাটাও দিশ সামৰি লৈছে ৰাজ্য চৰকাৰে। বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটৰ জৰিয়তে ৰাজ্যবাসীক দিলে কি কি উপহাৰ জানি লওঁক সবিশেষ।

মূলধনী বিনিয়োগৰ ক্ষেত্ৰত কেন্দ্ৰৰ পৰা লাভ ১৮,৫০০ কোটি টকাৰ সাহাৰ্য
ৰাজ্যত বিগত বৰ্ষত বিকাশৰ হাৰ হৈছে ১৯ শতাংশ
চাহ জনগোষ্ঠীৰ লোকৰ উত্তৰণৰ চৰকাৰ দায়বদ্ধ

শীঘ্ৰে চৰকাৰে আৰম্ভ কৰা হ’ব অৰুণোদয় ৩.০
অৰুণোদয় আঁচনিৰ বাবে ৫ হাজাৰ কোটি টকাৰ প্ৰস্তাৱ
২০২৫-২৬ বিত্তীয় বাজেটত নামৰূপত প্ৰস্তাৱিত সাৰ কাৰাখানা
২ লাখ মেট্ৰিক টন সাৰ উৎপাদনৰ লক্ষ্য

মহিলা উদ্যমিতা আঁচনিৰ বাবে আগবঢ়োৱা হ’ব ১০ হাজাৰ টকাৰ পুঁজি
পুজিৰ সদব্যৱহাৰ কৰিলে আগবঢ়োৱা হ’ব ২৫ হাজাৰ টকাৰ ঋণ
২০০৬ পূৰ্বে স্থাপন কৰা বিদ্যালয় কৰা হ’ব প্ৰাদেশিকৰণ
বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এতিয়াৰে পৰা লাভ কৰিব
১কিলোগ্ৰাম মচুৰ দালি, ১ কিলোগ্ৰাম চেনি, ১ কিলোগ্ৰাম নিমখ

৫ জনতকৈ অধিক লোক থকা পৰিয়াললৈ অতিৰিক্ত ভাৱে
১ কিলোগ্ৰাম মচুৰ দালি আগবঢ়োৱা হ’ব

গৱেষক শিক্ষাৰ্থীসকললৈ আগবঢ়োৱা হ’ব ২৫ হাজাৰ টকাৰ এককালীন সাহাৰ্য
আনহাতে দিব্যাংগ শিক্ষাৰ্থীসকলে লাভ কৰিব ৫০ হাজাৰ একাকালীন সাহাৰ্য

ৰাজ্যৰ চাহ শ্ৰমিকসকলৈল সুখবৰ
প্ৰতিগৰাকী শ্ৰমিকে লাভ কৰিব ৫ হাজাৰ টকাৰ একাকালীন সাহাৰ্য

জিলা গ্ৰন্থমেলালৈ ৫ লাখ টকাৰ সাহাৰ্য
সূৰ্যঘৰ আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীলৈ ৰাজসাহাৰ্য
প্ৰতি কিলোৱাটতত লাভ কৰিব ২ হাজাৰ টকাৰ সাহাৰ্য
সৰ্বোচ্চ ৩ কিলোৱাটত ৬ হাজাৰ টকাৰ সাহাৰ্য

ফাঁচি বজাৰৰ পৰা বিমানবন্দৰলৈ চলিব জল মেট্ৰ
অসমীয়া চলচ্চিত্ৰ, লোকসংগীত আৰু সাহিত্য
সংৰক্ষণৰ বাবে চৰকাৰে নিৰ্মাণ কৰিব OTT প্লেটফৰ্ম
দৰঙত স্থাপন কৰা হ’ব নতুন চিকিৎসা মহাবিদ্যালয়
কাৰ্বি আংলং আৰু শ্ৰীভূমিত নিৰ্মাণ হ’ব কৃষি মহাবিদ্যালয়

হস্তী-মানুহৰ সংঘাত ৰোধৰ বাবে আৰম্ভ হ’ব গজমিত্ৰ দল
আনহাতে বন্যজন্তুৰ আঘাতত মৃত্যু হোৱা লোকে পাব ৫ লাখ টকাৰ সাহাৰ্য
মধুপুৰ সত্ৰ সংৰক্ষণৰ বাবে ৫০ কোটি টকা ধাৰ্য
শংকৰদেৱ কলাক্ষেত্ৰলৈ ১০০কোটি টকা আৱণ্টন
সকলো জিলা সদৰত নিৰ্মাণ কৰা হ’ব লক্ষ্মীনাথ বেজবৰুৱা ভৱন

গাড়ী ক্ৰয়ৰ বাবে দিয়া হ’ব সুদবিহীন ঋণ
সহজ গৃহ ঋণ আঁচনিৰ কথা ঘোষণা
ডিব্ৰুগড় পলিটেকনিক এতিয়াৰে পৰা অভিযান্ত্ৰিক মহাবিদ্যালয়
BTC উন্নয়নৰ বাবে ১১৪৩ কোটি টকা আৱণ্টন

অসমৰ বাহিৰত মৃত্যু হোৱা লোকৰ অনাৰ দায়িত্ব চৰকাৰৰ
মৃতকৰ শৰীৰৰ পৰিবহন ব্যয় কৰিব চৰকাৰে
চাইবাৰ অপৰাধ নিৰীক্ষণ কৰিবলৈ প্ৰস্তুত কৰা হ’ব AI লেব
আয়ুষ্মান অসম-CM লোকসেৱক আৰোগ্য যোজনা
চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত হ’ব নগদবিহীন চিকিৎসা

মুম্বাই আৰু দিল্লীত নিৰ্মাণ কৰা হ’ব অসম ভৱন
অসম ভৱন দুটাত থাকিব নামঘৰৰ ব্যৱস্থা
১৫ হাজাৰ টকাৰ মাহিলী আয় লোকৰ বৃত্তিগত কৰ ৰেহাই দিয়াৰ ঘোষণা চৰকাৰৰ
আনহাতে ২০ হাজাৰকৈ বৃ্দ্ধি কৰা হ’ল শিক্ষকসকলৰ দৰমহা
কৰ্কট ৰোগত আক্ৰান্ত শিশুসকলৰ বাবে নিৰ্মাণ কৰা হ’ব ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান
গুৱাহাটীত নিৰ্মাণ কৰা হ’ব প্ৰ’টন থেৰাপী কেন্দ্ৰ

২০২৫-২৬ বৰ্ষৰ নিযুত মইনা আঁচনিৰ বাবে ৩৯১ কোটি টকাৰ অনুদান
লাখপতি বাইদেউৰ আঁচনিৰ বাবে ২৫০ কোটি টকা আৱণ্টন
NPSত অন্তৰ্ভূক্ত চৰকাৰী কৰ্মচাৰীক দিয়া হ’ব UPSৰ সুবিধা
প্ৰতিখন জিলাতে ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ ঘোষণা

এতিয়াৰে পৰা দেশীয় সুৰাৰ দোকানত
অনুজ্ঞাপত্ৰৰ জৰিয়তে বিক্ৰী কৰিব পাৰিব বিদেশী সুৰা
দুগ্ধ পালকসকলক প্ৰতিলিটাৰ গাখীৰত দিয়া হ’ব ৫টকাকৈ ৰাজসাহাৰ্য
মাজুলীৰ সাংস্কৃতিক বিদ্যালয়লৈ ৫০ কোটি টকাৰ অনুদান

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme