1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:33 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাবৰ্তন

  • Update Time : Tuesday, February 15, 2022

ডিজিটেল ডেস্কঃ বিটিচি চুক্তিৰ আধাৰত গঠিত হোৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আজি দ্বিতীয় সমাবৰ্তন অনুষ্ঠিত হয়। উক্ত সমাবৰ্তনত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা ৪১৭১ জন স্নাতক , স্নাতকত্তোৰ , ডিপ্লোমা আৰু ডক্টৰেট ডিগ্ৰীধাৰীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰে।

উল্লেখ্য যে ২০০৯ চনত স্থাপিত হোৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত বৰ্তমান ৫৭ খন কলেজ আৰু ৭ খন বিএড কলেজ আছে। বিশ্ববিদ্যালয়খনত বৰ্তমান অসমীয়া, বড়ো, ইংৰাজী, ৰাজনীতি বিজ্ঞান, জীৱবিদ্যা, প্ৰাণীবিদ্যা, ৰসায়ন বিজ্ঞান, বায়োটেকনোলজী, কম্পিউটাৰ বিজ্ঞান আদিকে ধৰি ১৭ টা বিভাগত স্নাতকত্তোৰ পাঠ্যক্ৰমৰ সুবিধা আছে। বিশ্ববিদ্যালয়খনে কাঠফুলা খেতি, বাঁহ টেকনোলজীৰ ওপৰতো ডিপ্লোমা প্ৰদান কৰি আহিছে। সমাবৰ্তনত উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখীয়ে অনুষ্ঠান সফলতাৰে সম্পন্ন কৰাৰ বাবে সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰি বড়োলেণ্ড এলেকাৰ উৎপাদনমুখীতাৰ শলাগ লয়। নতুন শিক্ষানীতিক প্ৰশংসা কৰি জগদীশ মুখীয়ে নতুন শিক্ষানীতিৰ অধীনত পাঠ্যক্ৰম যিমান পাৰে সোনকালে বলৱৎ কৰিবলৈ আহ্বান জনাইছে । গৱেষণাত অধিক মনোযোগ দিবলৈ আহ্বান জনাই বড়োলেণ্ড বিশ্ববিদ্যালয়ত অনাগত দুই বছৰত আৰু অধিক বিভাগ সংযোগ হব বুলি মন্তব্য কৰিছে।ইপিনে সমাবৰ্তনত পশ্চিমবংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুত চক্ৰবৰ্তী আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো উপস্থিত থাকে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme