1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:19 am

দেউতাকৰ সৈতে কাজিয়া লাগি মাতৃয়ে কুঁৱাত পেলাই দিলে নিজৰেই ৩ সন্তানক

  • Update Time : Wednesday, February 26, 2025

কাৰেণ্ট ট্ৰেণ্ড অসম ডেস্কঃ জন্মদাত্ৰী জননী ইমান নিষ্ঠুৰ হ’ব পাৰেনে? এই বাতৰি পঢ়াৰ পিছত আপোনাৰো মনত এই প্ৰশ্নই বিব্ৰত কৰিব৷ স্বামীৰ সৈতে লগা কাজিয়াৰ ভয়ংকৰ পৰিণতিৰ বাবেই তিনিটা অবোধ শিশুৰ প্ৰাণ ল’লে মাতৃয়ে স্বামী চন্দন মাহাত্তাৰ সৈতে দুৰ্বাদল কাজিয়া লগাৰ পিচত খঙতে সীমা দেৱী নামৰ মহিলাগৰাকীয়ে তেওঁলোকৰ তিনিটি সন্তানক এটাৰ পিচত এটাকৈ ঘৰৰ সমীপতে থকা এটা কুঁৱাত পেলাই হত্যা কৰে। নিষ্ঠুৰ মহিলাগৰাকীয়ে পতি আৰু আৰক্ষীক সন্তান তিনিটা সন্ধানহীন হৈ থকা বুলি জনায় যদিও আৰক্ষীয়ে সন্দেহত মহিলাগৰাকীক জেৰা কৰাত সকলো’ তথ্য পোহৰলৈ আহে। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ সমষ্টিপুৰ জিলাত৷ ইতিমধ্যে আৰক্ষীয়ে কুঁৱাটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, ৬ বছৰীয়া তৰুণ, ৪ বছৰীয়া তানিয়া আৰু ২ বছৰীয়া তানিষ্কৰ মৃতদেহ৷

আৰক্ষীয়ে কুৱাটোত উদ্ধাৰ অভিযান চলোৱা মুহূৰ্ত

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme