শিক্ষা প্ৰদানৰ নামত ছাত্ৰ-ছাত্ৰীক শাৰিৰীক ভাৱে প্ৰহাৰ কৰা ঘটনাই বাক্সাৰ মাদুলিবাৰীত মংগলবাৰে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়, বাক্সা জিলাৰ মুছলপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত মানিকপুৰ- মাদুলিবাৰী প্ৰাথমিক বিদ্যালয়ত সংঘটিত হয় এই ঘটনা। বাক্সাৰ সংবাদদাতা গোলাপ নাথৰ এক প্ৰতিবেদন অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক হাংগামা ৱাৰীৰ বিৰুদ্ধে ওলাই আহে অঞ্চলটোৰ ৰাইজ।উল্লেখ্য যে মংগলবাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে শিক্ষা প্ৰদানৰ নামত পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে, যাৰবাবে ছাত্ৰ-ছাত্ৰীৰ অভিভাবক সকল ওলাই আহি প্ৰধান শিক্ষক হাংগামা ৱাৰীৰ বিৰুদ্ধে ক্ষোভিত হৈ অভিযোগ প্ৰদান কৰে।যাৰবাবে ছাত্ৰ-ছাত্ৰীৰ অভিভাবক সকল ওলাই আহি প্ৰধান শিক্ষক হাংগামা ৱাৰীৰ বিৰুদ্ধে ক্ষোভিত হৈ অভিযোগ প্ৰদান কৰে। অভিযোগ অনুসৰি ইয়াৰ পূৰ্বেও শিক্ষক গৰাকীয়ে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক নিৰ্দয় ভাৱে প্ৰহাৰ কৰিছিল, অভিভাৱকসকলে বিদ্যালয় চৌহদত উপস্থিত হৈ এইগৰাকী শিক্ষকক বদলি কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনায়।