ডিজিটেল ডেস্কঃ ১০০টকাৰ ড্ৰাগছৰ বাবেই ড্ৰাগছ মাফিয়াৰ সৈতে লগ লাগি সতীৰ্থই হত্যা কৰিলে এজন যুৱকক । অৱশেষত কলিয়াবৰৰ চুলুং আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় তেজপুৰৰ চানমাৰীৰ দিগন্ত দাসৰ হত্যাৰ মূল অভিযুক্ত তথা ড্ৰাগছ মাফিয়া আব্দুল মালেক।
ঘটনাৰ বিৱৰণী অনুসৰি ২০২১ বৰ্ষৰ বৰদিনৰ আগনিশা তীৰ্থাংকৰ ৰয় নামৰ এজন বন্ধুৰ সৈতে আম বাগানৰ আব্দুল মালেকৰ ঘৰত ড্ৰাগছ সেৱন কৰিবলৈ আহিছিল দিগন্ত দাস। তাতেই ১০০ টকাৰ ড্ৰাগছৰ বাবেই সংঘাত সৃষ্টি হয়। আৰু এই সংঘাতৰ পৰিণতিতে প্ৰাণ হেৰুৱায় দিগন্তই।
এখন কুঠাৰৰে মূৰত মৰিয়াই হত্যা কৰা হৈছিল দিগন্তক। উক্ত নিশাই মৃতদেহটো চুলুঙৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত পেলাই থৈ দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা চলাইছিল হত্যাকাৰীয়ে।