ডিজিটেল ডেস্কঃ দেওবাৰে বিয়লি ভাগত বিজুলী ভৱনত উপস্থিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা। বিদ্যুৎ বিতৰণ সন্দৰ্ভত পৰ্যালোচনা কৰে মুখ্যমন্ত্রীগৰাকীয়ে। ৩ টাকৈ বিতৰণ কোম্পানীৰ সৈতে আলোচনা কৰি ২০১৯-২০২০ আৰু ২০২১ত কিছু ক্ষতি হৈছিল তাৰ সন্দৰ্ভত আলোচনা কৰে।
সেই ক্ষতিপূৰণৰ বাবে ২ বছৰ সময় লাগিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰাৰ লগতে ল’ৱাৰ কপিলী হাইদ্র’ প্র’জেক্টৰ কাম সুকলমে চলি থকাৰ লগতে আৰু বহুকেইটা বৃহৎ প্রকল্পৰ কামো আৰম্ভ হব বুলি সদৰি কৰে।