1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:32 am

কোন হ’ব ৰজা, কোন হ’ব প্ৰজা? দিল্লীৰ বিধানসভা নিৰ্বাচনকলৈ উত্কণ্ঠাৰে ৰৈ আছে এতিয়া সকলো

  • Update Time : Wednesday, February 5, 2025

দিল্লীবাসীৰ বাবে আজি দিনটো এক গুৰুত্বপূৰ্ণ দিন যিটো দিনৰ বাবে অপেক্ষা কৰি আছিল সমগ্ৰ দিল্লীবাসীয়ে৷ ভাৰতৰ প্ৰাণ কেন্দ্ৰবিন্দু স্বৰূপ নতুন দিল্লীত আজি অনুষ্ঠিত হয় বিধানসভা নিৰ্বাচন৷ উক্ত নিৰ্বাচনক লৈ আগ্ৰহেৰে বাট চাই আছে সকলোৱে৷ ৭০খন আসনৰ বাবে অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৬৯৯গৰাকী প্ৰাৰ্থীয়ে, ১.৫০ কোটি ভোটাৰে নিৰ্ণয় কৰিব এইকেইগৰাকী প্ৰাৰ্থীৰ ভাগ্য৷ ৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা হব নিৰ্বাচনৰ ফলাফল৷ আম আদমী পাৰ্টী, ভাৰতীয় জনতা পাৰ্টী, আৰু কংগ্ৰেছৰ মাজত নামি পৰিছে এতিয়া যুঁজত৷ আনহাতে নিৰ্বাচনৰ এদিন পূৰ্বে দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ৷ নিৰ্বাচনী আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে৷ নিৰ্বাচন আয়োগৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে ৰুজু কৰিছে এই গোচৰ৷ অকল মুখ্যমন্ত্ৰী আতিশীয়ে নহয় আম আদমী পাৰ্টীৰ সমৰ্থকৰ বিৰুদ্ধেও ৰুজু কৰা হৈছে গোচৰ৷ এতিয়া অপেক্ষা মাথো কেৱল ৮ ফেব্ৰুৱাৰীৰ দিনটোলৈ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme