1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 3:19 pm

অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগেঃ তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে কিয় কৰিলে এই দাবী…

  • Update Time : Saturday, February 12, 2022

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীক কটাক্ষ কৰাৰ পিছতে এইবাৰ তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী কৰিলে। ৰাহুল গান্ধী ৰাজীৱ গান্ধীৰ পুত্ৰ হয়নে নহয় আমি প্ৰমাণ বিচাৰিছো নেকি বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে ৰখা এক বক্তব্যৰ পাছতে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশ্বেখৰ ৰাৱে এই দাবী কৰিলে।

উল্লেখ্য যে, দেশৰ ৫ৰাজ্যৰ নিৰ্বাচনক লৈ প্ৰচাৰ অতি দ্ৰুতগতিত চলি আছে। কৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে শাসক-বিৰোধী উভয়ে নামি পৰিছে প্ৰচাৰ অভিযান। এনে পৰিৱেশৰ মাজতে বিভিন্ন জন নেতাৰ বাক্যবাণে ৰাষ্ট্ৰীয় ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ ভিতৰত আছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme