1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:45 pm

২০ লাখৰো অধিক টকা লৈছিল প্ৰতাৰক প্ৰযোজক ৰুবুল দাসে, কেৱল এয়াই নহয় সাংবাদিককো ভয় ভাবুকি দিয়ে ৰুবুল দাসে

  • Update Time : Saturday, January 18, 2025

বিতৰ্কৰ মাজত সোমাই পৰিছে অসমীয়া বোলছবিৰ এগৰাকী তথাকথিত প্ৰযোজক, অসমীয়া ছবিজগতখনৰ বাবেই অতি দুখৰ তথা আশ্চৰ্যকৰ কথা যে শেহতীয়াকৈ নিৰ্মীয়মান এখন নতুন অসমীয়া ছবিত অভিনয় কৰাৰ বাবদ পাবলগীয়া নিজৰ পাৰিশ্ৰমিক বিচাৰি আৰক্ষীৰ কাষ চাপিবলগীয়া হ’ল অভিনেতা ভৱেশ দাস৷ ছবিৰ নাম ‘ৰক্ষক’ আৰু প্ৰযোজক ৰুবুল দাস৷ এইগৰাকী প্ৰযোজক ৰুবুল দাসে অভিনেতা ভৱেশ দাসক পাবলগীয়া মাননি দিয়াটো দূৰৰেই কথা অভিযোগ উত্থাপন হোৱাৰ পিচত সাংবাদিককো ভয় ভাবুকি দিয়া আৰম্ভ কৰে৷ ইয়াৰ পূৰ্বে তথাকথিত প্ৰযোজক ৰুবুল দাসে ‘ফুটপাথৰ হিৰো’ আৰু ‘ঈশ্বৰ’ শীৰ্ষক দুখন বোলছবি প্ৰযোজনা কৰিছিল৷ এই দুয়োখন ছবিয়েই ছুপাৰ ফ্লপ হৈছিল চিত্ৰগৃহত৷ ইয়াৰে পিচত ৰুবুল দাসে নিৰ্মাণ কৰে ‘ৰক্ষক’ নামৰ বোলছবিখন৷ ইতিমধ্যে ছবিখনৰ আঁৰৰ বহু বিতৰ্কিত তথ্য কাৰেণ্ট ট্ৰেণ্ড অসমৰ হাতত পৰিছে৷ ছবিখনৰ সৈতে জড়িত অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীৰ আপত্তিৰ বাবে বৰ্তমানো সম্ভৱ হৈ উঠা নাই ছবিখনৰ চেন্সৰ৷ তথ্য অনুসৰি ছবিখনত অভিনয়ৰ বাবে মৌখিকভাবে ধনৰ এটা পৰিমাণত কথা-বতৰা হৈছিল অভিনেতা ভবেশ দাসৰ সৈতে । সেইমতে নলবাৰীলৈ গৈ তিনিদিন বোলছবিখনৰ চিত্ৰগ্ৰহণত অংশ লৈছিল ভবেশ দাসে। কিন্তু ছবিখনত অভিনয় কৰি শেষ কৰাৰ পিছতো বহুবাৰ অনুৰোধ কৰা সত্বেও এটকাও প্ৰযোজকে ভবেশ দাসক আদায় নিদিয়াত অৱশেষত অভিনেতাগৰাকী দিছপুৰ আৰক্ষীৰ কাষ চাপে । ইফালে ছবিখনৰ ডাবিঙৰ ক্ষেত্ৰতো শেহতীয়াকৈ বিতৰ্কত সোমাই পৰিছে প্ৰযোজক ৰুবুল দাস। উল্লেখযোগ্য যে অভিনয়ৰ বাবদ পাবলগীয়া ধন নোপোৱালৈকে ডাবিং নকৰে বুলি অভিনেতা ভবেশ দাসে জনাই দিছিল প্ৰযোজকক। কিন্তু কেইদিনমান পূৰ্বে প্ৰযোজক ৰুবুল দাসে ফোন কৰি ভবেশ দাসক জনাই যে তেওঁৰ অভিনয়ৰ অংশখিনিৰ বাবে বেলেগ এজনৰ দ্বাৰা ভইছ ডাবিং কৰাই দিলে। এই কথাত খৰ্গহস্ত হৈ পৰে অভিনেতাগৰাকী। কোনো অভিনয় শিল্পীৰ অনুমতি নোলোৱাকৈ এনে কাৰ্য কৰাটো দৰাচলতে এক অপৰাধ বুলি গণ্য কৰা হয়। এই কথা গম পায়েই ছবিখনৰ যাতে চেন্সৰ হ’ব নোৱাৰে তাৰ বাবে ভবেশ দাসে এই সকলো কথা বিৱৰি গুৱাহাটীৰ চেন্সৰ ব’ৰ্ডৰ কাৰ্যালয়লৈ গৈ প্ৰযোজক ৰুবুল দাসৰ বিৰুদ্ধে এখন অভিযোগ পত্ৰও জমা দিয়ে । সেয়েহে এতিয়াও ‘ৰক্ষক’ৰ চেন্সৰ সম্ভৱ হৈ উঠা নাই । ইফালে ‘ৰক্ষক’ৰ প্ৰযোজক ৰুবুল দাসৰ বিৰুদ্ধে আন দুগৰাকী ব্যক্তিয়েও চেন্সৰ ব’ৰ্ডৰ কাৰ্যালয়ত পত্ৰযোগে অভিযোগ দাখিল কৰিছে । ইয়াৰে এগৰাকী হৈছে ছোনিয়া লিম্বু তালুকদাৰ নামৰ এগৰাকী মহিলা। মহিলাগৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি, ‘ৰক্ষক’ ছবিখন নিৰ্মাণৰ বাবে মহিলাগৰাকীৰ পৰা কিস্তি ভিত্তিত হেনো ২০ লাখৰো অধিক টকা লৈছিল প্ৰযোজক ৰুবুল দাসে । বিভিন্ন সুত্ৰৰ পৰা মহিলাগৰাকীয়ে এই ধন আনি দিছিল দাসক । এই ধনৰ এটকাও হেনো এতিয়ালৈকে মহিলাগৰাকীক ঘূৰাই দিয়া নাই ‘প্ৰযোজক’ ৰুবুল দাসে । একেদৰে ছবিখনৰ সৈতে জড়িত আন কেইবাগৰাকী ব্যক্তিকো পাৰিশ্ৰমিক আদায় নিদিয়াৰ অভিযোগ উঠিছে । ছবিখনৰ প্ৰযোজনা নিয়ন্ত্ৰক দীপু বৰাইও তেওঁৰ পাৰিশ্ৰমিক নোপোৱাত ইতিমধ্যে চেন্সৰ ব’ৰ্ডৰ কাৰ্যালয়ত প্ৰযোজকৰ বিৰুদ্ধে অভিযোগ পত্ৰ দিছে। কেৱল ইমানেই নহয় এই সকলো তথ্য ছ’চিয়েল মিডিয়াত সদৰি কৰা অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকক জ্যোতি চিত্ৰবন চৌহদত অতি অশিষ্টাচাৰী আচৰণেৰে সাংবাদিকগৰাকীক আক্ৰমণ কৰিবলৈ উদ্যত হৈ পৰে ৰুবুল দাস নামৰ তথাকথিত প্ৰযোজকগৰাকী৷ গৰিমামণ্ডিত অসমীয়া চিনে উদ্যোগক কুলষিত কৰা এনে তথাকথিত প্ৰতাৰক প্ৰযোজকক কেতিয়া বয়কট কৰিব চিনে উদ্যোগে সেয়াহে এতিয়া প্ৰশ্নৰ বিষয়৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme