নিকৰ সৈতে বিবাহৰ পূৰ্বে শ্বাহৰুখেৰে গোপনে বিবাহত আবদ্ধ হৈছিল প্ৰিয়ংকা।
প্ৰিয়ংকাই ৰুগীয়া পিতৃৰ মনোকামনা পূৰণ কৰিবলৈকে টৰণ্টত গোপনে বিবাহপাশত আবদ্ধ হৈছিল শ্বাহৰুখেৰে।
বলীউডত প্ৰথম খোজ পেলাওঁতেই
শ্বাহৰুখেৰে ঘনিষ্ঠ হৈ পৰিছিল প্ৰিয়ংকা। প্ৰিয়ংকা শ্বাহৰুখে
যদিও এই সম্পৰ্কৰ কথা ৰাজহুৱা কৰা নাছিল তথাপিও একাংশ নেটিজেনে তেতিয়াৰে নজৰ ৰাখি
আহিছে দুয়োৰে কাৰ্যকলাপত। শ্বাহৰুখেও প্ৰিয়ংকা সম্পৰ্কে সোধা প্ৰশ্নত প্ৰায়েই কয় যে
বলীউডত তেওঁ বাদশ্বাহ অথৱা ষ্টাৰ কিন্তু প্ৰিয়ংকাৰ কাষত তেওঁ এগৰাকী ক’ ষ্টাৰহে।
২০০৬ চনত ডন’ ছবিখনত দুয়োৱে একেলগে কাম আৰম্ভ কৰিছিল। ডন’ ৰ পিছৰে পৰাই বাঢ়িছিল
দুয়োৰে ঘনিষ্ঠতা। প্ৰিয়ংকা-শ্বাহৰুখৰ ঘনিষ্ঠতাক লৈ গুজৱ আৰম্ভ হোৱাৰ পিছতেই ডন-২ ছবিখনৰ কামো
কৰিছিল দুয়োৱে। অৱশ্যে ডন-২’ ৰ পিছৰে পৰা দুয়োগৰাকীয়ে দূৰত্ব বজাই চলা পৰিলক্ষিত হৈছে।