ভোগালী বিহুৰ আনন্দ-উলাহৰ মাজতেই ৰাজ্যবাসীয়ে পালে এটা বেয়া খবৰ। সেয়া হ’ল কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ অকাল বিয়োগ। দেওবাৰে নিশা তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত অতিথি আছিল ৰাজীৱ শদিয়া। স্বভাৱ সুলভ ভাৱে অতি নিয়াৰিকৈ নিজৰ অনুষ্ঠান আৰম্ভ কৰিছিল ৰাজীৱ শদিয়াই৷ কিন্তু অনুষ্ঠান আৰম্ভ কৰি এটা গীত গোৱাৰ পাছতেই দৰ্শকে দেখিছিল এক অঘটন। উপস্থিত ৰাইজৰ মাজত লাগিছিল হাহাকাৰ৷ কাৰণ মঞ্চতেই ঢলি পৰিছিল জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া। হৃদৰোগত আক্ৰান্ত হৈ মঞ্চৰ পৰা তলত পৰি গৈছিল ৰাজীৱ শদিয়া৷ প্ৰাপ্ত খবৰ অনুসৰি, প্ৰথমে বুকুৰ বিষ অনুভৱ কৰিছিল ৰাজীৱ শদিয়াই৷ তাৰপিচতেই নিশাই ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চমুকৈ AMCH ভৰ্তি কৰোৱা হৈছিল শদিয়াক। হাস্পতাল কৰ্তৃপক্ষই ৰাজীৱ শদিয়াক AMCH ৰ ICU লৈ প্ৰেৰণ কৰাত ICU-কোঠাতেই চলে ৰাজীৱ শদিয়াৰ চিকিৎসা৷ কিন্তু চিকিৎসাধীন ৰাজীৱ শদিয়াই সোমবাৰে অৱশেষত কাল মৃত্যুৰ ওচৰত হাৰ মানে। এইখিনিতে উল্লেখ নকৰি নোৱাৰি যে, ৰাজীৱ শদিয়া আছিল প্ৰৱল জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ৷ জাতি-মাটি আৰু জনতাৰ গান গাই অসমবাসীৰ মাজত পৰিচিত হৈ পৰিছিল ৰাজীৱ শদিয়া৷ ৰাজীৱ শদিয়াৰ প্ৰায়সংখ্যক গীতৰ মূল উপাদান আছিল জাতীয় চেতনাক আলোড়িত কৰা৷ বিপ্লৱী কণ্ঠশিল্পীগৰাকীৰ বিয়োগত এতিয়া শোকস্তব্ধ হৈ পৰিছে সাংস্কৃতিক জগতৰ লগতে কণ্ঠশিল্পীগৰাকীৰ অনুৰাগীসকল কাৰণ তথাকথিত বহু কণ্ঠশিল্পীতকৈ বিপৰীত কক্ষত অৱস্থান কৰা ৰাজীৱ শদিয়া আছিল৷ সামাজিকভাৱে দায়বদ্ধ এগৰাকী সংগীতশিল্পী৷ ৰাজীৱ শদিয়াৰ প্ৰতিটো সৃষ্টিয়ে সমাজ জীৱনক যোগাইছিল চিন্তাৰ খোৰাক৷