1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:14 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

নতুন বছৰৰ পহিলা সোমবাৰে কি শুভ সংকেত কঢ়িয়াব ১২টা ৰাশিৰ জাতক-জাতিকাৰ বাবে

  • Update Time : Monday, January 6, 2025

মেষ: কর্মত সৰলতা, উদাৰতা থাকিব। খিংখিভীয়া স্বভাৱ সলনি কৰক। শুভ ৰং বগা, পাণ্ডিত্য প্রকাশ। দেবাদিদেৱক স্মৰণ কৰক। ৰোগ কমিব। শুভ সংখ্যা ছয়।

বৃষ: কর্মস্পৃহা উন্নত। আনৰ সুনামত কালিমা নাসানিব। শুভ বং ৰূপালী। শৰীৰ চৰ্চা কৰাসকলে সুফল পাব। কোষ্ঠকাঠিন্যত ভুগিব পাৰে শুভ সংখ্যা দুই।

মিথুন: কর্মোন্নতি। আনৰ অপপ্ৰচাৰ নকৰিব। শুভ ৰং বগা। শিৱ লিংগত গাখীৰ অর্পণ কৰক। পিতৃ-মাতৃৰ প্ৰতি দায়িত্ব বৃদ্ধি। সম্পদ লাভ। শুভ সংখ্যা ছয়।

কর্কট: সততা, নিষ্ঠা বৃদ্ধি পাব। নিজ শক্তিৰ উমান পাব। শুভ বং বগা। আনৰ সমালোচনা নকৰিব। মধুমেহ ৰোগ বৃদ্ধি পাব। ভ্রমণ। শুভ সংখ্যা দুই।

সিংহ: কৰ্মত সুস্থিৰতা বৃদ্ধি। লেখকে আনৰ সমাদৰ পাব। শুভ ৰং মুগা। ৰাজ আতিথ্য লাভৰ যোগ। সোণ, তাম, দৰব ব্যৱসায়ত উন্নতি। শুভ সংখ্যা চাৰি।

কন্যা: উদাৰতা আৰু সহমর্মিতা বৃদ্ধি পাব। সাহিত্যিক, শিক্ষাবিদৰ দক্ষতা বৃদ্ধি। শুভ ৰং ৰূপালী। দুর্যোগ আঁতৰিব। মহানিম গছ ৰোপণ কৰক। শুভ সংখ্যা দুই।

তুলা: আধিপত্য বিস্তাৰ কৰিব পৰিব। যোগ্যতা, কৃতিত্ব আনে স্বীকাৰ কৰিব। শুভ বং বগা। নিৰামিষ খাদ্য খাওক। আনক অৱহেলা নকৰিব। ব্যয়। শুভ সংখ্যা আঠ।

বৃশ্চিক: কামৰ হেঁচা বৃদ্ধি পাব। অনিদ্রাত ভুগিব পাৰে। শুভ বং মাখন। পিতৃ-মাতৃৰ প্ৰতি দায়িত্বশীল হওক। লেখকৰ দক্ষতা বৃদ্ধি। ব্যৱসায়ত উন্নতি। শুভ সংখ্যা দুই।

ধনুঃ কর্মত যোগ্যতা বৃদ্ধি। গণিতজ্ঞ, বুৰঞ্জীবিদ, চিত্ৰকৰৰ সুনাম বৃদ্ধি। শুভ বং মাখন। মাটি-বাৰী লাভৰ যোগ। শৈশৱৰ বহু স্মতি ৰোমন্থন। শুভ সংখ্যা ছয়।

মকৰঃ সৎ সাহসে সফলতা আনিব। যিকোনো ব্যৱসায়ত হাত নিদিব। শুভ ৰং সোণালী। শিৱ মন্দিৰ দৰ্শন কৰক। যান-বাহনত কষ্ট। খৰচ। শুভ সংখ্যা আঠ।

কুম্ভ: আত্ম অভিমান বৃদ্ধি পাব। কৰ্তব্যৰ প্ৰতি সচেতন হওক। শুভ ৰং মাখন। সৎ লোকৰ আগমন। ৰাজ আতিথ্য পাব পাৰ। মধুমেহ ৰোগ বৃদ্ধি পাব। শুভ সংখ্যা ছয়।

মীন: নিজ শক্তিৰে আনক পৰাভূত কৰিব পাৰিব। শিৱ লিংগ 117, দৰ্শন কৰক। শুভ বং বগা। নিৰামিষ খাওক। কোষ্ঠকাঠিন্যত ভুগিব পাৰে। ব্যয়। শুভ সংখ্যা দুই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme