1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 12:50 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

আজি অমাৱশ্যাত নকৰিব এইসমূহ কাম, অন্যথা হ’ব অমংগল

  • Update Time : Monday, December 30, 2024

আজি ২০২৪ চনৰ ৩০ ডিচেম্বৰ তাৰিখে বছৰৰ শেষ অমাৱস্যা। যিহেতু পুহ মাহ আৰু আজি সোমবাৰ, গতিকে ইয়াক সোমৱতী আৰু পুহ অমাৱশ্য বুলি কোৱা হ’ব। আজি কোনবোৰ কাম কৰা উচিত নহয় জানো আহক।

হিন্দু ধৰ্মত অমাৱশ্যাত তিথি অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। আজি স্নান কৰা হয় আৰু পূৰ্বপুৰুষৰ বাবে তৰ্পন আৰু পিণ্ড দান কৰা হয়। ইয়াৰ উপৰিও সোমবাৰে অমাৱশ্যা পতিতো শিৱ পূজাৰ গুৰুত্ব বাঢ়ি যায়।

পুহ মাহৰ সোমৱতী অমাৱশ্যা শাস্ত্ৰত বিশেষ তাৎপৰ্য দিয়া হৈছে। এই দিনটোত স্নান আৰু দান-বৰঙণিৰ দৰে সৎ কৰ্ম কৰি সাধকে মোক্ষ লাভ কৰে আৰু পিত্ৰ দোষ আঁতৰি যায় বুলি বিশ্বাস কৰা হয়। কিন্তু ইয়াৰ সমান্তৰালকৈ অমাৱশ্যা তিথিত কিছু কাম কৰাটোও নিষিদ্ধ।

অমাৱশ্যা দিনা পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ বাবে তৰ্পন, পিণ্ড দান আদি কৰা হয়। গতিকে এই দিনটোত পূৰ্বপুৰুষৰ বিষয়ে বেয়াকৈ কোৱা উচিত নহয়। অমাৱশ্যাত কোনো শুভ কাম নকৰিব। এনে কৰিলে পূৰ্বপুৰুষ ক্ষোভিত হয়।

কুকুৰ, গৰু, কাউৰীৰ দৰে জীৱ-জন্তুক অমাৱশ্যাৰ দিনত অশান্তি দিব নালাগে। বৰঞ্চ পূৰ্বপুৰুষৰ অংশ বুলি বিবেচনা কৰি জীৱ-জন্তুক খাদ্য আগবঢ়াব লাগে।

সোমৱতী অমাৱশ্যাত তামসিক খাদ্য খাব নালাগে। মাংস আৰু মদৰ লগতে মূলা, সেউজীয়া আৰু মচুৰ দাইল আদি বস্তুও অমাৱশ্যাত খাব নালাগে। এইবোৰ সেৱন কৰি পূজা কৰি পূজাৰ ফল পোৱা নাযায়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme