আঘোনৰ সোনোৱালী ধান চপাই কৃষি জীৱি অসমীয়া এতিয়া ব্যস্ত ন খোৱাত। পথাৰৰ ন ধানৰ চাউল ,বাৰীৰ নতুন পাচলি,পুখুৰিৰ মাছৰে বছৰটোলৈ গোটাই লোৱা ধানমুঠিৰ চাউলেৰে গুৰু ভকতক এসাঁজ খোৱাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে নখোৱা পৰম্পৰাৰ। শিৱসাগৰৰ আমগুৰিৰ সংবাদদাতা ৱাকিল আহমেদৰ প্ৰাপ্ত তথ্য অনুসৰি আমগুৰিৰ দেউধাই গাঁৱতো পৰম্পৰা অনুসৰি পালন কৰে ন খোৱা পৰম্পৰাৰ। অসমীয়াৰ আঘোণ মাহ আৰু টাই কেলেণ্ডাৰৰ মতে টাই প্ৰথম “ডিন চিং” মাহত আয়োজন কৰা হয় পয় কিন অন মৌ বা ন খোৱা পৰম্পৰাৰ । ন ধানৰ চাউল , বৰা চাউলৰ চেৱাদিয়া , কুকুৰাৰ মাংস ,মাছ পৰম্পৰাগত পনীয় লোকলাউ অদি নবদ্য প্ৰকৃতিৰ চাৰিজন অধিকাৰিৰ লগতে গুৰু ভকতলৈ আগবঢ়াই লগে ভাগে এঁসাজ খাই বছটোৰ বাবে গোটাই থোৱা ধানৰ ন চাউলে আৰম্ভ কৰে নখোৱা পৰ্বৰ।