1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:25 am

সকলোৰে বাবে অত্যন্ত প্ৰয়োজনীয় এইসমূহ কথা, এবাৰ মানি চাওক এইসমূহ কথা, দেখিব বহু চমৎকাৰ

  • Update Time : Friday, December 20, 2024

১০ টা নীতি মানি সলনি কৰক জীৱনৰ গতিপথ, যিয়ে আপোনাক দিব সুখ আৰু শান্তি, এবাৰ এইসমূহ নিয়ম মানি চাওক, আপুনি জীৱনত বিচৰাধৰণে বহু কিবা কিবি পাবলৈ আৰম্ভ কৰিছে,
১) সন্তুষ্টিৰে খাদ্য গ্ৰহণ কৰক। প্ৰতিদিনে প্ৰতিসাঁজ আহাৰেই আপোনাৰ মন:পুত নহ’বও পাৰে। আপুনি বিচৰা ধৰণে খাই ভাল লগা ব্যঞ্জন প্ৰতিদিনৰ আহাৰত নাপাবও পাৰে। এজন মানুহে তেতিয়াহে সুখ অনুভৱ কৰে, যেতিয়া তেওঁ দুখৰ মুখামুখি হয়। একেদৰে সুস্বাদু আহাৰ প্ৰতিদিনে গ্ৰহণ কৰি থাকিলে আহাৰ গ্ৰহণৰ তৃপ্তি নোপোৱা হয়। সেয়ে কেতিয়াবা অতি সাধাৰণ খাদ্যও সন্তষ্টিৰে গ্ৰহণ কৰা উচিত। বিভিন্ন অধ্যয়নৰ পৰা এই কথা প্ৰমাণ হৈছে যে আহাৰৰ প্ৰতি যেতিয়া মানুহৰ আগ্ৰহ কমি যায়, তেতিয়া জোৰ কৰি আহাৰ খোৱা অনুচিত। আপুনি এই কথাটো নিজৰ সন্তানৰ ক্ষেত্ৰত প্ৰয়োগ কৰি চাবচোন। সিহঁতে কেতিয়াবা একেবাৰে খাব নিবিচাৰে। সেই কথাটোত গুৰুত্ব নিদি আপুনি সিহঁতক খাবলৈ নিদিলে সিহঁতক এটা সময়ত আপোনা-আপুনি খাবলৈ বিচাৰে। খাদ্য-দৰ্শনৰ সুত্ৰ মতেও এই কথা প্ৰমাণ হৈছে যে চকুৰে বেয়া লগা খাদ্য গ্ৰহণেও মানুহক সুখী কৰাত সহায় কৰে।

২) যথেষ্ট পৰিমাণৰ পানী খাওক: আমাৰ শৰীৰটো চাফা কৰি ৰখাত পানীয়ে যথেষ্ট সহায় কৰে। আমি নজনাকৈয়ে পানীয়ে আমাক শক্তি যোগায় আৰু মানসিক সজাগতা বৃদ্ধি কৰে। পানী কম খোৱাৰ এটা সাধাৰণ প্ৰমাণ হ’ল প্ৰস্ৰাৱৰ বৰণ। শেঁতা হালধীয়া প্ৰস্ৰাৱ হ’লে জানিব যে আপোনাৰ পানী খোৱা কম হৈছে। শৰীৰ সুস্থ কৰি ৰাখিবলৈ যথেষ্ট পানী খাওক।

৩) মনোযোগেৰে দৈনন্দিন কাম-কাজ কৰক: নিজৰ কাম কাজ কেতিয়াও খেয়ালী মনেৰে কৰিবলৈ চেষ্টা নকৰিব। কামত সন্তুষ্টি পালেহে মনৰ সন্তুষ্টি লাভ কৰিব। খুব খৰকৈ বা খুব লাহে লাহে কাম নকৰি এটা নিৰ্দিষ্ট গতিত নিজৰ কাম সমাপন কৰি সুখী হ’বলৈ চেষ্টা কৰক।

৪) প্ৰকৃতিক উপলব্ধি কৰিবলৈ শিকক: বাৰিষাৰ বৰষুণত বিৰক্ত হোৱা অথবা শীতৰ ঠাণ্ডাত অতিষ্ঠ হৈ নিজৰ মন বেয়া নকৰিব। বতৰৰ এই পৰিৱৰ্তনবোৰ আনন্দ মনেৰে গ্ৰহণ কৰক আৰু শীত কালত ৰ’দত বহি শীতৰ আমেজ লওক। একেদৰে বাৰিষাৰ বতৰত বৰষুণত ছাতি লৈ এপাক ফুৰিও মনৰ আনন্দ উপলব্ধি কৰক।

৫) যথেষ্ট পৰিমাণে টোপনি যাওক: টোপনিয়ে আমাৰ শাৰীৰিক- মানসিক কাৰ্যক্ষমতা বৃদ্ধি কৰে। প্ৰতিদিনে ৮ ঘণ্টা শুবলৈ চেষ্টা কৰক। সময় বেছি পালেও তাতকৈ বেছি বিছনাত শুই নাথাকিব। এই সৰু অভ্যাসটোৱে আপোনাক কৰ্মক্ষম কৰি তুলিব। দিনত শোৱাৰ অভ্যাস থাকিলে আধা ঘণ্টাতকৈ বেছি জিৰণি নল’ব।

৬) খোজ কাঢ়ক: খোজ কাঢ়িলে সৰ্বশৰীৰত তাৰ প্ৰভাৱ পৰে। আমাৰ শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি হয় বাবে তাৰ প্ৰভাৱ শৰীৰ আৰু মগজুত পৰে। এই প্ৰভাৱে মন ভাল লগাৰ হৰম’নত ক্ৰিয়া কৰে। সেয়ে প্ৰতিদিনে অন্তত: আধা ঘণ্টা হ’লেও খোজ কাঢ়িব।

৭) কাৰ্যক্ষমতা বৃদ্ধি কৰিবৰ বাবে শাৰীৰিক সক্ৰিয়তা বঢ়াওক। বয়সৰ লগে লগে মানুহৰ শাৰীৰিক সক্ৰিয়তা কমি আহে। এই সক্ৰিয়তা বৃদ্ধি কৰিবৰ বাবে আমি শৰীৰত বয়সে পেলোৱা প্ৰভাৱবোৰ প্ৰতিৰোধ কৰিব লাগে। তাৰ বাবে শৰীৰটো সক্ৰিয় হৈ থকাটো প্ৰয়োজন। এইক্ষেত্ৰত ব্যায়ামে যথেষ্ট প্ৰভাৱ পেলায়। আপোনাৰ জীৱনশৈলীৰ লগত মিলাই নিজে কিছুমান ব্যায়াম পচন্দ কৰি অনুশীলন কৰাৰ অভ্যাস কৰক।

৮) আনৰ প্ৰতি সহানুভুতি আৰু দয়ালু হওক: আনৰ দুখত দুখী হ’ব পৰাটো আৰু আনৰ সুখত সুখী হ’ব পৰাটো মানুহৰ মহৎ গুণ। এই গুণ আপুনিও আহৰণ কৰিবলৈ চেষ্টা কৰক। সপ্তাহৰ এসাঁজ আনক খুৱাই যি মানসিক তৃপ্তি লাভ কৰিব তাক শব্দৰে ব্যাখ্যা কৰিব নোৱাৰি।

৯)পৰিয়ালৰ লগত ফুৰ্তি-তামাচাৰে সময় কটাওক: আপুনি যিমানেই ব্যস্ত নহওক কিয়, পৰিয়ালক কিছু সময় দিয়াটো অতি জৰুৰী। পৰিয়ালৰ সকলোৱে যেতিয়া সুখী অনুভৱ কৰিব, তাৰ প্ৰভাৱ আপোনাৰ ওপৰতো পৰিব।

১০) আনক উৎসাহ দিবলৈ চেষ্টা কৰক: আধুনিক জীৱনত কিছুমান কথা জটিল। সেয়ে কিছুমান নেতিবাচক দিশ আওকাণ কৰি ইতিবাচক চিন্তাৰ ওপৰত বেছি মনোযোগ দিব। ভাল কাম দেখিলে সদায় উৎসাহ দিব আৰু আপুনি যে সেই কথাত সুখী অনুভৱ কৰিছে সেই কথা আনক বুজাবলৈ চেষ্টা কৰিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme