সাধাৰণতে কিছু লোক আনতকৈ বুদ্ধিমান হয়। এনে বুদ্ধিমান লোকে কেতিয়াও কিছুমান কাম নকৰে, কিছু বৈশিষ্ট্য আছে এনে লোকৰ। সদায় সকলো কাম ভাবি-চিন্তিহে কৰে এনেলোকে। কিছু কথা তেওঁলোকে কেতিয়াও কোনো কাৰণতে কোনো লোকৰ আগতে প্ৰকাশ নকৰে। বুদ্ধিমান মানুহৰ বন্ধু খুব কম, তেওঁলোকে কেতিয়াও আনৰ সমালোচনা নকৰে বা সমালোচনাত ভাগ নলয়।
“মই সঠিক আৰু তোমালোক ভুল” আদি অসাৰ কথা-বতৰাত তেওঁলোকে সময় নষ্ট নকৰে। “আপুনি ঠিকেই কৈছে”, বুলি কৈ বুদ্ধিমান লোক আগবাঢ়ি যায়। কেতিয়াও কাৰো লগত তৰ্ক নকৰে, কোনোৱে কাজিয়া নাইবা তৰ্ক কৰি থকা দেখিলে সেই স্থান ত্যাগ। বুদ্ধিমান মানুহে বহুবাৰ হাৰিলেও কান্দি নাথাকে, বুদ্ধিমান মানুহে বহুবাৰ জয়ী হয় কিন্তু কাকো এই বিষয়ে নকয়।
নিজৰ বা নিজৰ ঘৰৰ কথা কেতিয়াও বেলেগৰ লগত আলোচনা বা শ্বেয়াৰ নকৰে। বুদ্ধিমান মানুহৰ বহু কথা গোপন, মনত যিমানেই দুখ নাথাকক, যিমানেই কষ্টত নাথাকক কেতিয়াও নিজৰ দুখ-কষ্টৰ কথা আনৰ আগত প্ৰকাশ নকৰে। বুদ্ধিমান মানুহে কেতিয়াও চিঞৰি কথা নকয়, নিজৰ গাম্ভীৰ্যতা বজাই ৰাখিহে কথা কয়।