1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:40 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

সু-স্বাস্থ্য আৰু নিৰোগী হৈ থকাত সহায় কৰে সুস্বাদু দৈয়ে

  • Update Time : Monday, October 28, 2024

আপুনি প্ৰতিদিনে দৈ খায় নেকি? যদি নাখায় তেন্তে এই খাদ্য আজিয়েই দৈনন্দিন খাদ্য তালিকাত যোগ কৰক৷ দৈত বহু ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়। এইটো খালে শৰীৰে সহজেই বহুতো প্ৰয়োজনীয় উপাদান লাভ কৰে। দৈ শীতল আৰু সতেজ সোৱাদৰ বাবে জনাজাত৷ কিছুমান মানুহে প্ৰতিদিনে দৈ খাই ভাল পায়৷ শৰীৰৰ কোষবোৰ বৃদ্ধি হ’বলৈ এমিনো এচিডৰ প্ৰয়োজন হয়, যিবোৰ প্ৰটিনৰ পৰা পোৱা যায়। পেশী, ছাল, চুলি, নখ সকলো প্ৰটিনৰ দ্বাৰা গঠিত। প্ৰতিদিনে শৰীৰলৈ প্ৰটিন প্ৰেৰণ কৰিব লাগে তেন্তে দৈ সৰ্বোত্তম মাধ্যম। ১০০ গ্ৰাম দৈ খালে ১১.১ গ্ৰাম প্ৰটিন যোগান ধৰিব পাৰি। দৈ বহু ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ স্বাস্থ্যকৰ খাদ্য। বহুতে অতি উৎসাহেৰে খায়। দৈ খালে শৰীৰৰ বাবে প্ৰয়োজনীয় বহু পুষ্টিকৰ উপাদান পূৰণ কৰিব পাৰি।

দৈ খালে কোষ্ঠকাঠিন্য, পেট ফুলা, পেটত গেছ, গৰম আদি সমস্যা নিৰাময় হ’ব পাৰে।আমাৰ শৰীৰৰ হাড়ৰ বাবে কেলচিয়াম অতি গুৰুত্বপূৰ্ণ। ইয়াৰ অভাৱৰ বাবে হাড়বোৰ দুৰ্বল হৈ পৰে। এনে পৰিস্থিতিত দৈয়ে কেলচিয়াম যোগান ধৰিব পাৰি। দৈত ভাল পৰিমাণৰ কেলচিয়াম পোৱা যায়।

দৈয়ে কলেষ্টৰল গঠন ৰোধ কৰাত সহায় কৰে আৰু উচ্চ ৰক্তচাপ কম কৰাত সহায় কৰে৷ নিয়মিতভাৱে ঘৰতে বনোৱা দৈ খালে হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে৷
দৈত আছে লেক্টিক এচিড, যিয়ে প্ৰাকৃতিকভাৱে চুলি আৰু ছালখন সুস্হ কৰি তোলে৷ যদি আপুনি অতি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে তেন্তে আপুনি দৈ খাব লাগে। ইয়াক খালে শক্তি আৰু সতেজতা পোৱা যায় আৰু ভাগৰ দূৰ হয়। প্ৰতিদিনে সীমিত পৰিমাণৰ দৈ খালে শৰীৰত বহু উপকাৰ পোৱা যায়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme