1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:02 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

চোৰ,ডকাইতেৰে ভৰিছে মহানগৰী, ১৯ খন থানাত সৰ্বমুঠ ১,১৭১ টা চুৰি কাণ্ডৰ গোচৰ

  • Update Time : Thursday, October 24, 2024

অসমৰেই নহয় সমগ্ৰ উত্তৰ-পূবৰ দুৱাৰ স্বৰূপ গুৱাহাটী মহানগৰীত প্ৰতিদিনেই ব্যাপক হাৰত বৃদ্ধি হৈছে চুৰি-ডকাইতি, হত্যা-হিংসা আদিৰ দৰে ঘটনা। এই ঘটনাসমূহৰ উদ্বেগজনক হাৰত বৃ্দ্ধিয়ে মহানাগৰিকৰ মাজত এতিয়া সৃষ্টি কৰিছে আতংকৰ। হয়তো সপ্তাহটোৰ এনে এটা দিন নাই যিদিনা ৰাজধানী মহানগৰখনত সংঘটিত হোৱা নাই লুটপাতৰ ঘটনা। এন্ধাৰৰ সুযোগ বুজি মহানগৰীৰ অলিয়ে-গলিয়ে পিতপিতাই ঘুৰি ফুৰা চোৰ-ডকাইতৰ দলে এতিয়া চেগ চাই বাসিন্দাৰ ঘৰৰ পৰা লুটি নিছে ধন-সোণকে আদি কৰি মূল্যৱান সা- সম্পত্তি। স্মাৰ্ট চিটিখনৰ পৰিস্থিতি এনে পর্যায় পাইছেগৈ যে এতিয়া গুৱাহাটীৰ বাসিন্দাসকলে ঘৰ-দুৱাৰ এৰি বাহিৰলৈ সপৰিয়ালে ফুৰিবলৈ যোৱাটো হৈ পৰিছে একপ্ৰকাৰ অসম্ভৱ। কাৰণ হ’ল- সুযোগৰ অপেক্ষাত থকা চোৰ-ডকাইতৰ দলে কেতিয়া আপোনাৰ ঘৰৰ তলা ভাঙি আপোনাৰ কষ্টোপাৰ্জিত সা-সম্পদ লৈ উধাও হয় তাৰ কোনো ঠিকনা নাই । ইয়াৰ সমান্তৰালকৈ মহানগৰীৰ বিভিন্ন প্ৰান্তত দুর্বৃত্তৰ এটা বৃহৎ দলে পথচাৰীৰ ডিঙিৰ সোণৰ চেইন, ম’বাইল আদি কাঢ়িও আন এক ত্ৰাসৰ সৃষ্টি কৰিছে। ক্রমাৎ বৃদ্ধি পোৱা এনে সমূহ ঘটনাক লৈ এতিয়া নিৰাপত্তাহীনতাত ভূগিছে মহানগৰবাসী৷ কিন্তু ইয়াৰ মাজতেই প্ৰশ্ন হৈছে, কি কৰিছে স্মাৰ্ট আৰক্ষীয়ে? তথ্য অনুসৰি চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা যোৱা ৩১ জুলাই পর্যন্ত গুৱাহাটীৰ ১৯ খন থানাত সৰ্বমুঠ ১,১৭১ টা চুৰি কাণ্ডৰ গোচৰ ৰুজু হৈছে। তথ্যত এয়াও প্ৰকাশ পাইছে যে ইয়াৰে ভিতৰত সৰ্বাধিক চুৰি কাণ্ডৰ গোচৰ ৰুজু হোৱা থানাখন হৈছে দিছপুৰ। কেৱল দিছপুৰ থানা অঞ্চলতেই বিগত সাত মাহত ২২৪ টা চুৰি কাণ্ডৰ গোচৰ ৰুজু হৈছে। এই তথ্য কামৰূপ মহানগৰ জিলাৰ থানাই থানাই ৰুজু হোৱা গোচৰৰ। তথ্য অনুসৰি বহু ঘটনাৰ গোচৰ ৰুজু হোৱা নাই। আৰক্ষী, নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা গুৱাহাটীৰ নিৰাপত্তাত যে মহানগৰ আৰক্ষী চূড়ান্ত ব্যর্থ হৈছে, সেয়া এই তথ্যত উন্মোচিত হৈছে বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। তথ্য অনুসৰি বিগত ৭ মাহত চানমাৰি থানাত ৫৯, নুনমাটি থানাত ২৯, গীতানগৰ থানাত ৬৩, প্রাগজ্যোতিষপুৰ থানাত ১৭, সাতগাঁও থানাত ২১, পাণবজাৰ থানাত ৬৪, পল্টনবজাৰ থানাত ১০৫, লতাশিল থানাত ১৪, ভৰলুমুখ থানাত ৫২, জালুকবাৰী থানাত ১০০, গড়চুক থানাত ৫৮, ফটাশিল আমবাৰী থানাত ৪৯, আজাৰা থানাত ২৬, দিছপুৰ থানাত ২২৪, হাতীগাঁও থানাত ৬৬, বশিষ্ঠ থানাত ১৪২, ভঙাগড় থানাত ৪২, থানাত, ক্ষেত্রী থানাত ১১ আৰু সোণাপুৰ থানাত ২৯ টা চুৰিকাণ্ডৰ গোচৰ ৰুজু হৈ আছে৷ অৰ্থাৎ বিগত ৭ মাহত মহানগৰীখনত ১,১১৭ টা চুৰিকাণ্ড সংঘটিত হৈছে৷ এই তথ্যই পুনৰ উদঙালে মহানগৰীৰ স্মাৰ্ট আৰক্ষীৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme