১৫ আগষ্টৰ দিনটোত দেশবাসীয়ে দেশৰ গৌৰৱ তথা শৌৰ্য-বীৰ্যৰ প্ৰতীক জাতীয় পতাকা উত্তোলন কৰি আহিছে যদিও পতাকাখনৰ আৰ্হি প্রস্তুত কৰা ব্যক্তিগৰাকী পিছে প্রকৃত শ্ৰদ্ধা লাভৰ পৰা যেন আজিও বঞ্চিত। বীৰ শ্বহীদসকলৰ আত্মবলিদানৰ বিনিময়ত দেশবাসীয়ে লাভ কৰা স্বাধীনতা প্রাপ্তিৰ আনন্দত যেন আমি ভাৰতৰ জাতীয় পতাকাৰ আৰ্হি প্রস্তুত কৰা ব্যক্তিগৰাকীক ১৫ আগষ্টৰ দিনটোতেই স্মৰণ কৰিবলৈ পাহৰি যাও ৷ কেৱল পাহৰাই নহয় আমি বহুতেই নাজানো জাতীয় পতাকাৰ আৰ্হি প্রস্তুত কৰা পিংগলি ভেংকায়া নামৰ ব্যক্তিগৰাকীৰ বিষয়ে। ১৯৭৬ চনৰ ২ আগষ্টৰ দিনা বৰ্তমানৰ অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণ জিলাৰ মছলিপট্টনমৰ সমীপৰ য়াৰলাগাডাত জন্ম হৈছিল ভাৰতৰ জাতীয় পতাকাৰ আৰ্হি প্রস্তুত কৰোতা পিংগলি ভেংকায়াৰ। তেলেণ্ড ব্ৰাহ্মণ সম্প্ৰদায়ৰ ভেংকায়াই মছলিপট্টনমত স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ অন্তত উচ্চ শিক্ষাৰ বাবে কলম্বোলৈ গৈছিল ভেংকায়াৰ। পৰৱৰ্তী সময়ত ভেংকায়াৰে এটা হীৰাৰ খনিত এগৰাকী বিশেষজ্ঞ হিচাপে কাম কৰাৰ লগতে দক্ষিণ আফ্ৰিকাত ইণ্ডো- ব্ৰিটিছ সেনাৰ হৈয়ো সেৱা আগবঢ়াইছিল। দক্ষিণ আফ্ৰিকাতেই ভেংকায়াৰ সাক্ষাৎ হৈছিল মহাত্মা গান্ধীৰ সৈতে ৷ মহাত্মাৰ ব্যক্তিত্ব আৰু আদৰ্শই ভেংকায়াক বাৰুকৈয়ে আকৃষ্ট কৰিছিল। দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহি ভেংকায়াই বাংগালোৰত ৰে’লৰ গাৰ্ড হিচাপে কাম কৰিছিল। ইয়াৰ পিছত তেওঁ ব্ৰিটিছ চৰকাৰৰ অধীনত প্লেগ বিষয়া হিচাপে কিছুদিন কাম কৰি লাহোৰলৈ গৈছিল। তাতেই তেওঁ উৰ্দু আৰু জাপানী ভাষা শিকিছিল।
উত্তৰ ভাৰতত পাঁচটা বছৰ কটোৱা ভেংকায়াই দাদাভাই নৌৰজীৰ উৎসাহত জাতীয় চেতনাৰে উদ্ভদ্ধ হৈ পৰিছিল।তেওঁ কৃষি বিজ্ঞানৰ উন্নয়নৰ বাবে যথেষ্ট কাম কৰিছিল। দেশৰ কপাহ খেতিয়কসকলৰ বাবে তেওঁ উন্নত জাতৰ কপাহ উদ্ভাৱনৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল। সেই বাবেই তেওঁক ব্ৰিটেইনৰ ৰ’য়েল এগ্ৰিকালচাৰ ছ’চাইটিয়ে সন্মানীয় সদস্য পদ আগবঢ়াইছিল। কাকিনাডাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ সময়ত পিংগলি ভেংকায়াক এখন পতাকাৰ আৰ্হি প্রস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। সেই নিৰ্দেশৰ ভিত্তিতেই য’তৰৰ চিহ্ন সন্নিৱিষ্ট কৰি প্রস্তুত কৰিছিল জাতীয় পতাকাৰ এক আৰ্হি ৷ যি আৰ্হি পৰৱৰ্তী সময়ত সামান্য সাল-সলনি ঘটাই আজিৰ জাতীয় পতাকাখনৰ সৃষ্টি হৈছে। ১৯৬৩ চনৰ ৪8 জুলাইৰ দিনা অন্ধ্ৰপ্ৰদেশৰ বিজৱাড়াত ভাৰতীয় জাতীয় পতাকাখনৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াৰ মৃত্যু ঘটিছিল। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৮৬ বছৰ।