1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:38 pm

ৰাহুল গান্ধীলৈ নিজা সকলো সম্পত্তি প্ৰদান এগৰাকী বৃদ্ধাৰ, কোন এই বৃদ্ধা?

  • Update Time : Monday, April 4, 2022

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ জনপ্ৰিয়তা শূন্য বুলি বহুতেই বহুসময়ত প্ৰকাশ কৰে। ৰাহুল গান্ধী গান্ধী পৰিয়ালৰ আটাইতকৈ লেখত নলবলগীয়া সন্তান বুলিও বহুতে দাবী কৰে। তাৰ মাজতো ৰাহুলৰ দেশত অনুৰাগী নাই জানো? ৰাহুলৰ এনে বহু অনুৰাগী আছে দেশত যিসকলে ৰাহুলক নিজৰ সন্তানতকৈ কোনোগুণে কম নাভাৱে।

ডেৰাডুনৰ এগৰাকী মহিলাই ৰাহুল গান্ধীলৈ দান কৰা সম্পত্তিৰ পৰিমান দেখিলে আপোনাৰো চকু থৰ হৈ ৰ’ব। ডেৰাডুনৰ এগৰাকী ৭৮ বছৰীয়া মহিলাই তেওঁৰ সকলো সম্পত্তি ৰাহুল গান্ধীক প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। সিদ্ধান্ত মৰ্মে মহিলাগৰাকীয়ে সম্পত্তিখিনি ৰাহুলৰ নামত স্থানান্তৰো কৰিছে। স্থানান্তৰ কৰা সম্পত্তিৰ ভিতৰত প্ৰায় ৫০ লাখ টকাৰ মাটি, ১০ তোলা সোণো অন্তৰ্ভুক্ত।

ডেৰাডুনৰ পুষ্পা নামৰ বৃদ্ধাগৰাকীৰ সিদ্ধান্তক লৈ বহুতেই প্ৰশ্ন উত্থাপনো কৰিছে। ইতিমধ্যে বৃদ্ধাগৰাকীয়ে ইচ্ছাপত্ৰত প্ৰকাশ কৰা অনুসৰি, ৰাহুল গান্ধীৰ বিচাৰ-বিবেচনাসমূহে তেওঁক প্ৰভাৱিত কৰি আহিছে। ইফালে ৰাহুলৰ আইতাক আৰু দেউতাকে দেশৰ কাৰণেই প্ৰাণ আহুতি দিছে। পিতৃহাৰা ৰাহুলক তেওঁৰ নিজা অকণমান সা-সম্পদ দান কৰি নিজেই সুখী অনুভৱ কৰা বুলিও মন্তব্য কৰিছে বৃ্দ্ধাগৰাকীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme