ডিজিটেল ডেস্কঃ পাহৰিছে নেকি ইন্দ্ৰানী মুখাৰ্জীক! ৭ বছৰ পূৰ্বে নিজ কন্যাৰ হত্যাৰ অপৰাধত জেললৈ যোৱা ইন্দ্ৰানী পুনৰ চৰ্চালৈ আহিছে। ৭ বছৰ পিছত আদালতে জামিন মঞ্জুৰ কৰিছে কন্যা শ্বীনা বৰাৰ হত্যাৰ গোচৰত কাৰাবন্দী হৈ থকা ইন্দ্ৰাণী মুখাৰ্জীক।
উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে ইন্দ্ৰানীৰ। ২০১৫ চনত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ইন্দ্ৰাণীক। তাৰ পিছৰে পৰাই কাৰাবন্দী হৈ আছিল ইন্দ্ৰানী মুখাৰ্জী।