1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:46 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

কিয় আৰু কেনেকৈঃ ড০ হিমন্ত বিশ্ব শৰ্মাক বেয়া পাব নোৱাৰা ৫টা বিশেষ কাৰন আজি জানি লওঁক…

  • Update Time : Monday, August 7, 2023

ডি. বৰগোহাঁই

এগৰাকী ৰাজনৈতিক নেতাক লৈ বিভিন্নজনৰ ভিন্ন মত থাকিব পাৰে। সমৰ্থন আৰু কটাক্ষৰ মাজেৰেই এগৰাকী ৰাজনৈতিক নেতাৰ জন্ম হয় বুলি ৰাজনৈতিক বিশ্লেষকসকলে ক’ব খোজে। অসম তথা দেশৰ ৰাজনীতিতো সমৰ্থন আৰু কটাক্ষৰ মাজেৰেই জন্ম হোৱা এগৰাকী শক্তিশালী নেতা হৈছে ড০ হিমন্ত বিশ্ব শৰ্মা। বহু বিশিষ্ট ৰাজনৈতিক বিশ্লেষকে ইতিমধ্যে ড০ শৰ্মাক লৈ কৈছে যে, ড০ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিব পাৰে, কিন্তু কোনেও অগ্ৰাহ্য বা আওকাণ কৰিব নোৱাৰে।

মুখ্যমন্ত্ৰী হৈ থকাৰ আগৰে পৰাই অতি সক্ৰিয়তাৰে সকলো দায়িত্ব পালন কৰা দেখা গৈছিল ড০ শৰ্মাক। কেতিয়াবা এই সক্ৰিয়তাৰ বাবে বহুতৰ ককৰ্থনা বা সন্দেহৰ বৰ্শৱতী হোৱৰো দেখা গৈছো যদিও বিগত প্ৰায় দুটা দশক একেই সক্ৰিয়তৰে বিৰামহীনভাৱে কাম কৰি গৈছে ড০ হিমম্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীত্ব লাভ কৰাৰ পাছতো সেই সক্ৰিয়তাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছে উত্তৰ-পূবৰ ৰাজনীতিৰ চাণক্যৰূপে খ্যাত ড০ হিমন্ত বিশ্ব শৰ্মাই।

শেহতীয়াকৈ ছচিয়েল মিডিয়াত এক চৰ্চা চলিছে। সাধাৰণতে ছচিয়েল মিডিয়াত এগৰাকী ব্যক্তিৰ ব্যক্তিত্বক লৈ যথেষ্ট চৰ্চা চলিয়েই থাকে। তাতে এইবাৰ বিশেষভাৱে চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এক প্ৰসংগ। এই প্ৰসংগটো হৈছে ড০ হিমন্ত বিশ্ব শৰ্মাক মানুহে কিয় বেয়া পাব নোৱাৰে। বিভিন্ন কথাত বিৰোধ থাকিলেও কিয় ড০ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিত্বক মানুহে নুই কৰিব নোৱাৰে তাক লৈ চৰ্চা চলিছে সামাজিক মাধ্যমত।

নেটিজেন সকলে ড০ হিমন্ত বিশ্ব শৰ্মাক বেয়া পাব নোৱাৰাৰ ৫টা কাৰণ উল্লেখ কৰিছে। সেই পাচঁটা কাৰণ ক্ৰমাগত ভাৱে তলত উল্লেখ কৰা হল।

১. হিমন্ত বিশ্ব শৰ্মাৰ সৰলতাই সকলোকে আকৰ্ষণ কৰে। ৬বছৰীয়া এটি শিশুৰ পৰা ৮০বছৰীয়া এগৰাকী বৃদ্ধৰ লৈকে সকলোৰে মনত ঠাই ল’ব পাৰে হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ মুখ্যমন্ত্ৰীত্ব লাভ কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ কিছু সৰল আচাৰ-ব্যৱহাৰে জনতাৰ কাষলৈ অধিক কাষ চপাই নিছে। কোনোবাই যদি মামা বুলি সাৱটি ধৰি সমস্যাৰ কথা কৈছে, কোনোবাই কেতিয়াবা বোপাই বুলি টানি আনি মৰম যাচিছে। ৰাজনীতিত উৰ্ধত গৈ কোনেও নোপোৱা মৰম বুটলিবলৈ সক্ষম হৈছে ড০ হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পূৰ্বে প্ৰয়াত তৰুণ গগৈকো প্ৰায় এনেদৰেই মৰম যাচিছিল জনতাই। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত মামা সম্বোধনেৰে বহুতে ধেমেলীয়া চলেৰেই কৈ দিছে বহু ডাঙৰ সমস্যাৰ কথা। পূৰ্বে মুখ্যমন্ত্ৰীৰ কাষলৈ আহিবলৈ ১০বাৰ ভাৱিবলগা পৰিস্থিতি ড০ হিমন্ত বিশ্ব শৰ্মাই একপ্ৰকাৰৰ বিলুপ্তি ঘটালে বুলি কলেও ভুল কোৱা নহব। মুঠৰ ওপৰত সমালোচনা থাকিলেও চহা মানুহৰ পৰা হিমন্ত বিশ্ব শৰ্মাই যি মৰম বুটলিছে সেৱা বিনাদ্বিধাই মানিবই লাগিব।

২. সকলোকে গুৰুত্ব দিয়া বা সকলোৰে সমস্যা ততকালীনভাৱে সমাধান কৰাৰ ক্ষেত্ৰত অন্য ৰাজনৈতিক নেতাতকৈ বহুগুণে পৃথক আৰু অনন্য ড০ হিমন্ত বিশ্ব শৰ্মা। ব্যক্তিগত সমস্যাই হওক বা সামাজিক সমস্যা, সকলোৰে বিপদত যথাসাধ্য সহায় কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। কোনোবা ৰোগীয়াক বাহিৰলৈ চিকিতসাৰ বাবে নিয়া, কোনোবা সাধাৰণ ব্যক্তিক আইনগত ন্যায় প্ৰদান কৰা ইত্যাদি বহু ঘটনাৰ সাক্ষী এইখন অসমতে অলেখ আছে। বহুতে এইবিষয়ে সময়ে সময়ে সামাজিক মাধ্যমত মুকলিকৈ লিখে। অন্য ৰাজনৈতিক নেতাক বিপদৰ সময়ত পাওক বা নাপাওক, ড০ হিমন্ত বিশ্ব শৰ্মাক লৈ সকলোৰে এক আশা থাকে। এই আশা দিব পৰাটোও ড০ হিমন্ত বিশ্ব শৰ্মাৰ অন্য এক সফলতা।

৩. মানুহৰ সৈতে কেৱল চিনাকি হ’ব লাগে কাৰনেই চিনাকি নহয় ড০ হিমন্ত বিশ্ব শৰ্মাই। এবাৰ চিনাকি হোৱা মানুহৰ চেহেৰা আৰু নাম কেতিয়াও নাপাহৰে ড০ শৰ্মাই। সেয়েহে সাধাৰণ বহুলোকৰ লগতে দলৰ কাৰ্যকতাসকলকো হিমন্ত বিশ্ব শৰ্মাৰ এই গুণটোৱে বহুগুণে আকৰ্ষিত কৰে। কেতিয়াবা যদি এখন সভাত কাৰোবাক সহায় কৰিব বুলি কথা দি আহে, তেন্তে পাছৰ সময়তো সেই লোকজনৰ চিন ৰাখি নিজৰ কথা ৰাখে ড০ হিমন্ত বিশ্ব শৰ্মাই। এই গুণটোৰ বাবেও বহুতে হিমন্ত বিশ্ব শৰ্মাক বেয়া পাব নোৱাৰে।

৪. হঠাতে সমস্যাৰ সমাধানৰ দক্ষতাও হিমন্ত বিশ্ব শৰ্মাক মানুহে ভাল পোৱা অন্য এক কাৰন। জনতাৰ কোনো সমস্যা ততকালীনভাৱে যিকোনো পৰিৱেশ-পৰিস্থিতি বা যিকোনো মূল্য বিনিময়ত সমাধান কৰিবলৈ ড০ শৰ্মাই লোৱা পদক্ষেপে বহুতক আকৃষ্ট কৰে। কথা কোৱাৰ কৌশল, যিকোনো বিপদত লব পৰা পোণপতীয়া সিদ্ধান্ত আৰু কাম কৰাৰ অদম্য স্পৃহাও একশ্ৰেণীৰ লোকৰ বাবে হিমন্ত বিশ্ব শৰ্মাক বেয়া পাব নোৱাৰাৰ অন্য এক কাৰণ।

৫. ব্যস্ততাৰ মাজতো পৰিয়ালৰ প্ৰতি থকা দায়িত্ব, কৰ্তব্য পালনৰ ক্ষেত্ৰত কোনোদিন পিছ হুহকি অহা নাই ড০ শৰ্মা। এগৰাকী সফল ৰাজনীতিবিদ হোৱাৰ লগতে এগৰাকী সফল পুত্ৰ, এগৰাকী সফল স্বামী আৰু এগৰাকী সফল পিতৃও ড০ শৰ্মা। পৰিয়ালৰ প্ৰতি থকা এই দায়িত্ববোধে বিশেষকৈ নাৰী সমাজ প্ৰভাৱিত কৰি আহিছে। এয়াও ড০ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিত্বৰ এক সবল কাৰক।

ওপৰৰ এই ৫টা কাৰনক লৈ বিভিন্ন জনৰ ভিন্ন মত থাকিব পাৰে। কিন্তু এইবোৰ কথা সাধাৰণ জনতাই উপলদ্ধি কৰা কথা। সেয়েহে হয়তো সামাজিক মাধ্যমত চৰ্চিত হৈছে ড০ শৰ্মাৰ ব্যক্তিত্বৰ এনেবোৰ প্ৰসংগ।  বাকী যিয়েই নহওক, জনতাৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিব পৰা বাবেই আজি তেওঁ মুখ্যমন্ত্ৰী…

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme