1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:02 am

হিচাপ শুনিলে আপোনৰ মূৰ ঘুৰাই যাবঃ IPLত এক অভাৰৰ পৰা উপাৰ্জন হয় ৩কোটি টকা…

  • Update Time : Tuesday, December 27, 2022

ডিজিটেল ডেস্কঃ বিশ্বৰ ভিতৰতে সবাতোকৈ দ্বিতীয় দামী টুৰ্ণামেন্ট হৈছে ভাৰতৰ আই পি এল। সমগ্ৰ বিশ্বৰ আগশাৰীৰ খেলুৱৈসকলে আই পি এলত অংশ লয়। একাংশই খেলুৱৈ হিচাপে আৰু একাংশই প্ৰশিক্ষক হিচাপে আই পি এলৰ সৈতে জড়িত হৈ থাকে। কোটি কোটি টকাত এই খেলুৱৈসকলক ক্ৰয় কৰে টীমসমূহৰ স্বত্তাধিকাৰীসমূহে।

এতিয়া প্ৰশ্ন হয়, পানীৰ দৰে এই খেলুৱৈসকলৰ নামত কিয় ধন খৰচ কৰে স্বত্তাধিকাৰ সকলে। ইয়াৰ আঁৰতো আছে বহু কাৰন। আই পি এলত বহু দেশী-বিদেশী কোম্পানীয়ে দিয়ে বিজ্ঞাপন। ইয়াৰোপৰি আই পি এলৰ প্ৰচাৰ অধিকাৰো বিক্ৰী কৰা হয় কিছু চেনেলক। ৪হাজাৰৰ পৰা ৫হাজাৰ কোটি টকাকৈ প্ৰতিবছৰে আই পি এলৰ প্ৰচাৰৰ অধিকাৰ বিক্ৰী কৰা হয়। শেহতীয়াকৈ সদৰি কৰা তথ্য অনুসৰি, ভাৰতীয় ক্ৰিকেট বৰ্ডৰ ৫০ৰো অধিক শতাংশ ধন আহে এই আই পি এলৰ পৰাই।

ইমানবোৰ ধন অহাৰ বাট হৈছে আই পি এল। সেয়েহে প্ৰতিবাৰেই আই পি এলৰ টীমসমূহৰ স্বত্তাধিকাৰীসমূহে কোটি কোটি টকাৰে ক্ৰয় কৰে খেলুৱৈসকলক। আপুনি জানি আচৰিত হব যে, আই পি এলৰ এক অভাৰৰ এটা বলৰ পৰাই উপাৰ্জন হয় ৪৯লাখ টকা। অৰ্থাত এক অভাৰত আই পি এলে উপাৰ্জন কৰে প্ৰায় ৩কোটি টকা। এতিয়া নিজেই ভাৱি লওক আই পি এলৰ উপাৰ্জন কিমান…

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme