1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 4:46 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

বিজেপি মানেই বিজয়! উত্তৰ-পূবৰ তিনি ৰাজ্যত ফুলিল পদুম…

  • Update Time : Thursday, March 2, 2023

ডিজিটেল ডেস্কঃ উত্তৰ-পূবত বিজেপিৰ জনপ্ৰিয়তা কমা নাই। এই কথা পুনৰ এবাৰ বাস্তৱত প্ৰমাণিত কৰিলে ৩ৰাজ্যৰ নিৰ্বাচনী ফলাফলে। প্ৰত্যক্ষ বা পৰোক্ষভাৱে তিনিওখন ৰাজ্যৰে শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখিবলৈ সক্ষম হল বিজেপি। মিত্ৰজোঁটৰ সৈতে আসনৰ বুজা-বুজি আৰু সকলো নিৰ্বাচনী ৰণনীতি বিজেপিৰ বাবে অতি ফলদায়ক হিচাপে বিবেচিত হল মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰা নিৰ্বাচনত।

মেঘালয়ত এন পি পি ৰ সৈতে মিত্ৰতা কৰি বিজেপিয়ে শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখিলে। ৰাজ্যখনত এন পি পিয়ে ২৫খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে বিজেপি আগবাঢ়ি আছে ৩খন আসনত। উল্লেখ কৰা প্ৰয়োজন যে, এন পি পিয়ে এতিয়ালৈকে ১৫খন আসনত বিজয় সাব্যস্ত কৰিছে।

ইফালে ত্ৰিপুৰাত অকলেই চৰকাৰ গঠন কৰাৰ দিশে আগবাঢ়িছে বিজেপি। ২৪খন আসনত ইতিমধ্যে জয়ী হোৱা বিজেপি বাতৰি লিখা পৰলৈকে আৰু ৮খন আসনত অগ্ৰগতি লাভ কৰি আছে। ৰাজ্যখনত তিপ্ৰা মথাই ১২খন আসনত জয় সাব্যস্ত কৰিছে।

নাগালেণ্ডতো বিজেপি মিত্ৰজোঁটৰ জয় জয় ময় ময় অৱস্থা। ৰাজ্যখনত বিজেপিয়ে ১২খন আৰু এন ডি পি পিয়ে ২৪খন আসন নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে।

এনেদৰেই উত্তৰ পূবৰ তিনিওখন ৰাজ্যত বিজেপিৰ অপ্ৰতিৰোধ্য যাত্ৰা অব্যাহত থাকিল বিধানসভা নিৰ্বাচনত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme