ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দাখিল কৰা অসম চৰকাৰৰ ২০২৩-২৪বিত্তীয় বৰ্ষৰ সাধাৰন বাজেটত ১ লাখ নিযুক্তিৰ বিষয়টো উল্লেখ কৰাৰ উপৰিও নিৱনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। বাজেটত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ ১ লাখ নিৱনুৱা, যুৱক-যুৱতীক ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে ২ লাখকৈ টকা এককালীন সাহাৰ্য প্ৰদান কৰিব।
অহা ৩ বছৰত ক্ষুদ্ৰ উদ্যোগ স্থাপনত সহায় কৰাৰ বাবে ৰাজ্য চৰকাৰে ১ লাখ যুৱক- যুৱতীক কিস্তি হিচাপত ২ লাখ টকাকৈ প্ৰাৰম্ভিক পুঁজি আগবঢ়াব বুলি প্ৰস্তাৱ গ্ৰহণ কৰে। আনহাতে যিসকল উদ্যোগীয়ে ইতিমধ্যে স্বয়ম আঁচনিৰ দ্বাৰা ক্ৰেডিট লিংকেজৰ সুবিধা লাভ কৰিছে আৰু নিজৰ ব্যৱসায় চলাই আছে সেইসকল উদ্যোগীক এই আঁচনিত অগ্ৰাধিকাৰ দিয়া হ’ব। এই আঁচনিৰ বাবে ১০০০ কোটি টকা আৱণ্টন দিয়াৰ কথা বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।