ডিজিটেল ডেস্কঃ পইচা সকলোকে লাগে। পইচাৰ কাৰনেই এই পৃথিৱীত কিমান যে কি ঘটনা ঘটিছে তাৰ হিচাপ নাই। কিন্তু তাৰ মাজতে শেহতীয়াকৈ এটা ঘটনাই সকলোৰে চকু কপালত উঠাইছে। এগৰাকী মহিলাই শেহতীয়াকৈ ঘোষণা কৰিছে যে, তেওঁৰ জন্মদিনত এইবাৰ মানুহক বিলাই দিব ২৪কোটি টকা।
আচৰিত যেন লাগিলেও এয়া কিন্তু মিছা খবৰ নহয়। অষ্ট্ৰেলিয়াৰ এগৰাকী ৬৯মহিলাই ঘোষণা কৰিছে যে, তেওঁৰ এইবাৰৰ জন্মদিনত তেওঁ ২৪কোটি টকা বিলাই দিব। উল্লেখ কৰা প্ৰয়োজন যে, ৬৯বছৰীয়া এইগৰাকী মহিলা হৈছে জীনা ৰাইনহট। অষ্ট্ৰেলিয়াৰ এইগৰাকী মহিলা হৈছে দেশখনৰ আটাইতকৈ ধনী মহিলাৰ ভিতৰত এগৰাকী। লগতে তেওঁ হৈছে বিশ্বৰ ৪৭সংখ্যক ধনী মহিলা।
উল্লেখ কৰা প্ৰয়োজন যে, মহিলাগৰাকীয়ে ইতিমধ্যে ৪১গৰাকী লোকক নিৰ্বাচন কৰিছে। এটা বিশেষ পদ্ধতিৰ জৰিয়তে এই ৪১গৰাকী লোকক নিৰ্বাচিত কৰা হৈছে। এই ৪১গৰাকী লোকৰ মাজতে ২৪কোটি টকা বিলাই দিব এই মহিলাগৰাকীয়ে।