1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 9:47 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

আপোনাৰ শেষ ইচ্ছা কিঃ আজি ৰাতি ১২বজাত ধ্বংস হ’ব পৃথিৱী…

  • Update Time : Saturday, April 1, 2023

ডিজিটেল ডেস্কঃ ভয়ংকৰ এক খবৰ। নাছাই সদৰি কৰিছে এই খবৰ। ১ এপ্ৰিল, ২০২৩ৰ নিশা ধ্বংস হ’ব পৃথিৱী। পৃথিৱীৰ দিশে আহি থকা এটা প্ৰকাণ্ড শিলাখণ্ডই পৃথিৱীক খুন্দা মৰাৰ ফলতে সংঘটিত হ’ব এই অঘটন।  এই খুন্দাত পৃথিৱী প্ৰায় ৯৬শতাংশ ক্ষতি হ’ব অৰ্থাত পৃথিৱী একেবাৰে ধ্বংস হোৱাটো নিশ্চিত।  নাছাই সদৰি কৰিছে যে….

 

(সবিশেষ বাতৰিৰ বাবে তললৈ যাওক)

 

 

 

 

(সবিশেষ বাতৰিৰ বাবে আৰু কিছু তললৈ যাওক)

 

 

 

 

 

 

(সবিশেষ বাতৰি আছে আৰু কিছু তলত, স্কল কৰক)

 

 

 

 

 

 

আচলতে, এনে খবৰ আজিৰ  দিনটোত বিভিন্ন জনে আপোনাক দিব পাৰে। কিয়নো আজি ১এপ্ৰিল। এপ্ৰিল ফুল বনাবলৈ আপোনাক কোনোৱে দিব পাৰে এনে ভুৱা খবৰ। এতিয়া জানো আহক এই ১এপ্ৰিলৰ ইতিহাস-

এপ্ৰিল ফুল দিৱস বহু দেশত ১ এপ্ৰিলৰ দিনা পালন কৰা হয়। সকলো মুৰ্খৰ দিন (All Fools’ Day) বুলিও অভিহিত কৰা এই দিনটো ৰাষ্ট্ৰীয় বন্ধৰ দিন নহয়। এই দিনটোত মানুহবোৰে উৰাবাতৰি প্ৰচাৰ কৰি আৰু নিৰ্দোষ ধেমালিৰে ইজনে সিজনক মুৰ্খ সজাৰ প্ৰয়াস কৰে।

ইটালীফ্ৰান্স আৰু বেলজিয়ামত শিশু আৰু বয়স্কসকলে পৰম্পৰাগতভাৱে ইজনে সিজনৰ পিঠিত কাগজৰ ফুল লগাই দিয়ে আৰু স্থানীয় ভাষাত “এপ্ৰিল মাছ!” বুলি চিঞৰে (pesce d’aprile!poisson d’avril! আৰু aprilvis! ক্ৰমে ইটালীয়ান, ফ্ৰেঞ্চ আৰু ডাট্‌চ ভাষাত)। তেনেকুৱা মাছৰ প্ৰতিচ্ছবি ১৯শ শতিকাৰ শেষৰফালৰ আৰু ২০শ শতিকাৰ প্ৰথমভাগৰ বহু ফ্ৰেঞ্চ এপ্ৰিল ফুল দিৱস প’ষ্টকাৰ্ডত ছপা হৈছিল।

১ এপ্ৰিল আৰু মুৰ্খতাক সংযোগ কৰা প্ৰথম উদাহৰণ পোৱা যায় জিয়’ফ্ৰী চ’চাৰৰ কেণ্টাৰবাৰী টে’ল্‌ছত (১৯৩২)। বহু লেখকে বিশ্বাস কৰে যে পোপ গ্ৰেগৰী XIIIৰ দ্বাৰা ১৬ শ শতিকাত ১ জানুৱাৰীক গ্ৰেগৰিয়ান কেলেণ্ডাৰমতে নৱবৰ্ষৰ দিনৰূপে প্ৰতিষ্ঠা কৰা হোৱা বাবেই এই উৎসৱটোৰ সৃষ্টি হ’ল।

এপ্ৰিল ফুল দিৱসৰ কিছুমান পুৰণি ৰূপ হৈছে ২৫ মাৰ্চত পালন কৰা ৰোমান উৎসৱ “হিলাৰিয়া” (Hilaria), আৰু ২৮ ডিচেম্বৰত পালন কৰা মধ্যযুগীয় “মুৰ্খৰ ভোজ” (Feast of Fools)। পিছৰ দিনটো এতিয়াও স্পেনীয় ভাষা কোৱা দেশবোৰত ধেমালি-ধুমুলাৰে পালন কৰা হয়।

চ’চাৰৰ “কেণ্টাৰবাৰী টে’ল্‌ছ”ত (১৯৩২) “Nun’s Priest’s Tale” নামৰ সাধুটোৰ কাল Syn March bigan thritty dayes and two বুলি কোৱা হৈছে। আধুনিক পণ্ডিতসকলে বিশ্বাস কৰে যে পাণ্ডুলিপিটোৰপৰা নকল কৰোঁতে কিছু ত্ৰুটি হৈছিল আৰু প্ৰকৃততে চ’চাৰে Syn March was gon বুলিহে লিখিছিল। গতিকে মূল সাধুটোত এপ্ৰিলৰ পিছত ৩২ সংখ্যক দিন অৰ্থাৎ ২ মে’ বুজোৱা হৈছিল। ১৩৮১ চনৰ এই দিনটোতে ইংলেণ্ডৰ ৰজা ৰিচাৰ্ড দ্বিতীয় আৰু ব’হেমিয়াৰ এন্নিৰ বিবাহ সম্পন্ন হৈছিল। পঢ়ুৱৈয়ে শাৰীটো পঢ়ি ভুলতে দিনটো “৩২ মাৰ্চ” অৰ্থাৎ ১ এপ্ৰিল বুলি ধৰি ল’লে।

১৫০৮ চনত ফ্ৰেঞ্চ কবি ইলয় ডি’আমেৰ্ভালে poisson d’avril (এপ্ৰিল ফুল, বা চিধাচিধি “এপ্ৰিল মাছ”)ৰ কথা লিখিছিল যাক এই দিৱসটোৰ সম্ভৱপৰ উল্লেখ বুলি ভবা হয়। ১৫৩৯ চনত ফ্লেমিছ কবি এডুৱাৰ্ড ডি ডিনে এজন ব্যক্তিৰ কথা লিখিছিল যি নিজৰ লগুৱাবোৰক ১ এপ্ৰিলৰ দিনা আচহুৱা কাম কিছুমানত পঠিয়াইছিল। ১৬৮৬ চনত ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে জন অ’ব্ৰেই এই দিৱসটোৰ কথা “Fooles holy day” বুলি উল্লেখ কৰে।১৬৯৮ চনৰ ১ এপ্ৰিলত বহু মানুহক লণ্ডন টাৱাৰলৈ “সিংহক গা ধুওৱা চাবলৈ” আমন্ত্ৰণ কৰি ঠগা হৈছিল।

মধ্যযুগত ১৮শ শতিকাৰ শেষৰ ভাগলৈকে বহু ইউৰোপীয়ান নগৰত ২৫ মাৰ্চত (Feast of the Annunciation) নৱবৰ্ষৰ দিনৰূপে পালন কৰা হৈছিল। ফ্ৰান্সৰ কোনো কোনো অঞ্চলত নতুন বছৰৰ উৎসৱ ১ এপ্ৰিলত শেষ হোৱাকৈ সপ্তাহজুৰি পালন কৰা হৈছিল। বহু লেখকে কয় যে ১ জানুৱাৰীত নৱবৰ্ষৰ দিন পালন কৰাসকলে আন দিনত পালন কৰাসকলক উপলুঙা কৰা বাবে এপ্ৰিল ফুলৰ উৎপত্তি হ’ল। ১৬শ শতিকাৰ মাজভাগত ফ্ৰান্সত ১ জানুৱাৰীৰ দিনটো বহুলভাৱে নতুন বছৰ হিছাপে পালন কৰা হৈছিল আৰু ১৫৬৪ চনত এডিক্ট অৱ ৰ’জিলন (Edict of Roussillon)ৰদ্বাৰা ইয়াক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে।

১৯৫০ চনত লোককথাৰ গৱেষক ল’না আৰু পিটাৰ অ’পীয়ে আৱিষ্কাৰ কৰে যে সংযুক্ত ৰাজ্য আৰু ইয়াৰপৰা সাংস্কৃতিক পৰম্পৰা উৎপত্তি হোৱা দেশবোৰত দিনৰ মাজভাগলৈকেহে ধেমালি কৰা হৈছিল। কিন্তু এই প্ৰথাটো পিছলৈ নোহোৱা হৈ পৰে।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme