CTA Entertainment Desk- ৰঙালী বিহু সমাগত৷ বৰ্তমান আগন্তুক ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানত কোনগৰাকী কণ্ঠশিল্পীয়ে কিমান মাননি ল’ব তাকেই লৈ সৃষ্টি হৈছে বিবিধ চৰ্চা৷ ইতিমধ্যে একাংশ গায়ক-গায়িকাই ৰঙালী বিহুৰ অনুষ্ঠানত কিমান মাননি ল’ব তাকো চ’ছিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰিছে৷ এই বিষয়ত পিছ পৰি নাথাকিল ৰাকু দা খ্যাত মিষ্টাৰ ৰাজকুমাৰ৷ সামাজিক মাধ্যমত এটা বিশেষ প’ষ্ট শ্বেয়াৰ কৰি ৰাকু দা’ই লিখিছে-
‘‘মাননি, অন্য শিল্পীৰ দৰে মোৰো মাননি ৪ পৰা ৬ লাখ । মই music ট্ৰেকত গীত গাম। আৰু ষ্টেজ ত music ট্ৰেক ত গীত গোৱা বৰ সহজ নহয়। তথাপি মই গাইছো। মই কমিটিক বহুত সুবিধা আগবঢ়াইছো। মই ৪ লাখৰ ওপৰত ১০% গুৱাহাটীত ধৰিছো, ১৫% নগাঁও, তেজপুৰ ২০% মান, ডিব্ৰুগড় শিৱসাগৰ ৩০% মান অসমৰ বাহিৰত উইথ extra হোটেল এণ্ড অহাযোৱা খৰচ। কোনোবাই মাতিলে মাতিব পাৰে নামাতিলে নাই । গতিকে অনুগ্ৰহ কৰিছোঁ ফোন কৰি মাননি কিমান আৰু নুসুধিব। আমাৰ খৰছ বহুত। যোৱা বছৰ ইটানগৰত programme কৰি আহি এখন আশ্ৰমক চাউল, দালি চেনী আৰু বহুতো বস্তু কিনি দিছোঁ।তাৰোপৰি কিবা ক্ষেত্ৰত দনেচন বিচাৰি বহু মানুহ আহে। এজন শিল্পীক সন্মান দিলেই নহয় মাননি ও দিব লাগে। শিল্পীজনৰ মাননিয়ে হে খুৱাই ৰাখিব। সন্মানে নুখুৱাই। সেইদিনা ( এটা ব্যক্তিগত চেটেলাইট চেনেলৰ নাম) ই এজন শিল্পীক সন্মানো দিছে আৰু মাননিও দিছে। বহুত ভাল কথা। আপোনালোকে বহুতে জানে বহুত শিল্পীৰ আৰ্থিক অবস্থা বৰ ভাল নহয়। গতিকে সন্মান জনাম বুলি মাতিলেই নহয়, সন্মানৰ লগত কিছু মাননি ও দিয়া উচিত। আমাক কোনো programme ত মাতিব বিচাৰিলে এই numbar- ত ফোন কৰিব পাৰে..8812929729 এণ্ড 9864091948 এনেয়ে ফোন নকৰিব । বহুতে ফোন কৰি থাকে বাবে মাননি ৰ বিষয় কলোঁ। ধন্যবাদ।’’
মিঃ ৰাজকুমাৰৰ ফেচবুক পোষ্ট