ডিজিটেল ডেস্কঃ ২ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ মেচৰ পূৰ্বে যান বাহন আৰক্ষীয়ে নতুনকৈ জাৰি কৰিছে ট্ৰেফিক নিৰ্দেশনা। সেই অনুসৰি গুৱাহাটীত মানি চলিব লাগিব কিছু বিশেষ নিয়ম-
১. ২অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা ৩ অক্টোবৰৰ পুৱতি নিশা ২ বজালৈ ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৪ চকীয়া বাণিজ্যিক বাহন চলাচল কৰিব নোৱাৰিব।
২. এই সময়ত ৬ চকীয়া বা তাতকৈ অধিক চকাৰ সামগ্ৰী কঢ়িওৱা বাহনো চলাচল কৰিব নোৱাৰিব।
৩. ১ৰ পৰা ৫ অক্টোবৰলৈ পুৱা ৪ বজাৰ পৰা ৯ বজালৈ বাহন চলাচল কৰিব পাৰিব। ২ অক্টোবৰত বাহন চলাচলত থাকিব নিষেধাজ্ঞা।
৪. বৰ্ষাপাৰা তিনিআলি-ধীৰেনপাৰা তিনিআলিলৈ পাছ থকা যান-বাহন হে যাব পাৰিব।
৫. ধীৰেনপাৰাৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়াম হৈ লখৰালৈ থাকিব কেৱল ওৱান ৱে’।
৬. ক্ৰিকেট মেচৰ দৰ্শকৰ বাবে মুঠ ৮ খন গেটৰ ভিতৰত মুকলি থাকিব ৬ খন গেট।
৭. ২নং গেটলৈ যাবলৈ দৰ্শকসকে বৰ্ষাপাৰা তিনিআলি হৈ এ কে আজাদ ৰোডেৰে ভিতৰলৈ যাব পাৰিব।
৮. ৩নং গেটলৈ যাবলৈ দৰ্শকসকলে আৰজি বৰুৱা ৰোডেৰে গডৰেজ গলি বা ৰোলিং ৰোডহৈ AK আজাদ ৰোডেৰে ভিতৰলৈ যাব লাগিব।
৯. ৪নং গেটলৈ যাবৰ বাবে ৰোলিং মিল ৰোড তিনিআলিৰ পৰা AK আজাদ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব।
১০. ৫নং আৰু ৬নং গেটলৈ যাবৰ বাবে ভূপেন হাজৰিকা পথৰ সহায়ত ৰঘুনাথ পথ হৈ AK আজাদ ৰোডেৰে ভিতৰলৈ যাব পাৰিব।