1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 1:44 am

🔹ইউৰোপীয়ন পলিটিক্সে বিলুপ্ত কৰিব নেকি অলিম্পিক?

  • Update Time : Wednesday, August 7, 2024

অলিম্পিকত এতিয়া যেন খেল নচলে, চলে Dirty Politics৷ কাৰণ ইউৰোপীয়ন লবীৰ পংকিল পিতনিত বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়াসমাৰোহ অলিম্পিক৷
শতিকা প্ৰাচীন অলিম্পিকত চলিছে ইউৰোপীয়ন পলিটিক্স৷ এছিয়া মহাদেশৰ বিৰুদ্ধে পেৰিছ অলিম্পিকত লবীকেন্দ্ৰিক যুঁজক লৈ এতিয়া বিশ্বজুৰি ব্যাপক চৰ্চা চলিছে৷ কেৱল ইউৰোপীয়ন খেলুৱৈৰ বাবে হে নেকি অলিম্পিক? ভাৰতীয় মল্লযুঁজাৰু ভিনেশ ফোগাট পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হ’বলগীয়া হ’ল। ফাইনেল খেলৰ প্ৰাকমুহূৰ্তত মল্লযুঁজাৰু ভিনেশ ফোগাটক অযোগ্য ঘোষণা কৰা হয়। ভিনেশে মল্লযুঁজৰ ৫০ কিলোগ্ৰাম শাখাত খেলি আছিল। ফাইনেল খেলৰ পূৰ্বে ভিনেশৰ ওজন কিছু বেছি হয়, যাৰ বাবে অযোগ্য ঘোষণা কৰা হয় খেলুৱৈগৰাকীক। ভিনেশ ফোগাট পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হোৱাত ভাৰতৰ প্ৰথমটো স্বৰ্ণপদকৰ আশা নিৰ্বাপিত হয়। কিন্তু ভিনেশ সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কক লৈ বৰ্তমান অলিম্পিক কমিটিৰ স্থিতিক লৈ উদ্ৰেক ঘটিছে বিবিধ প্ৰশ্নৰ।

 

ইউৰোপীয়ন মহাদেশৰ প্ৰতি অলিম্পিকত ইমান দৰদ কিয়? এছিয়া মহাদেশৰ খেলুৱৈৰ প্ৰতি অলিম্পিকত ইমান ভেদা-ভেদ কিয়? আমেৰিকা আৰু চীনক বাদ দি অলিম্পিকত আন দেশৰ সৈতে পক্ষপাতিত্ব কিয়? লাভলীনাৰ পৰা আৰম্ভ কৰি ভিনেশ ফ’গাটলৈ লক্ষ্য কৰিলে দেখিব যে এছিয়া মহাদেশৰ প্ৰায় সংখ্যক খেলুৱৈৰ সৈতে আন্তৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে কৰি আহিছে পক্ষপাতিত্ব৷ উদাহৰণ স্বৰূপে ভাৰতীয় হকী দলটোৰ বিপৰীতে সূচীত দিয়া হৈছে শক্তিশালী দেশসমূহৰ শক্তিশালী দল। কেৱল ভাৰতৰ খেলুৱৈসকলৰ সৈতেই যে এনে বিৰুদ্ধাচৰণ তেনে নহয়৷ চলিত অলিম্পিকত ইউক্ৰেইনক আমন্ত্ৰণ দিয়াৰ বাবেই ৰাছিয়াই একপ্ৰকাৰ বয়কটেই কৰিলে অলিম্পিক। ৰাছিয়াক অতি কৌশলগত ভাৱে দমন কৰিলে IOC-য়ে। বিগত অলিম্পিকসমূহতো এছিয়া মহাদেশৰ বিৰুদ্ধে এনে পক্ষপাতিত্বমূলক আচৰণৰ উদাহৰণ বহু৷ শেহতীয়াকৈ ভিনেশ ফ’গাটৰ সৈতে হোৱা ঘটনাই যেন ভাবিবলৈ বাধ্য কৰিছে, অলিম্পিকতকৈ মাঘৰ উৰুকাৰ খেল-ধেমালিয়েই বহু ভাল৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme