NGO আৰু IIM আহমেদাবাদৰ গৱেষণাৰ পৰা দেখা গৈছে যে ভাৰতৰ গড়ে প্ৰতিজন ব্যক্তিয়ে ছ’চিয়েল মিডিয়াত ৩ ঘণ্টা ১৪ মিনিট সময় কটায়। ছ’চিয়েল মিডিয়াত মানুহে হয় নিজৰ ফটো আৰু ভিডিঅ’ পোষ্ট কৰিছে, নহয় আনৰ ফটো বা ভিডিঅ’ চাই আছে। ছ’চিয়েল মিডিয়া কোম্পানীসমূহৰ বাবে ৰিলছে এক পৰিৱৰ্তন আনিছে। এতিয়া পৰিস্থিতি এনেকুৱা যে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ছ’চিয়েল মিডিয়াৰ ৰিল বনাই নতুবা চাই থকা দেখা গৈছে।
ৰীলছ আজিৰ একাংশ প্ৰজন্মৰ বাবে নিচাৰ দৰে হৈ পৰিছে। আজিকালি যিয়ে ৰিল নবনাই তেওঁক পুৰণি কালৰ বুলি গণ্য কৰা হয়। ৰিলত অদ্ভুত কাম-কাজ চলি আছে যদিও ৰিল চোৱাসকলৰ বাবে ই এক কন্টেন্টৰ দৰে। আজি আমি আপোনালোকক ৰিলৰ লগত জড়িত কিছুমান বিশেষ তথ্যও দিব বিচাৰিছো
– ইনষ্টাগ্ৰামৰ এক আভ্যন্তৰীণ প্ৰতিবেদন অনুসৰি সমগ্ৰ বিশ্বৰ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলে প্ৰতিদিনে ১ কোটি ৭৬ লাখ ঘণ্টা কেৱল ৰিল চাইয়েই সময় কটায়।
টিকটকত ৰিল চোৱাৰ এই সংখ্যা ১০ গুণ বেছি। টিকটক ব্যৱহাৰকাৰীয়ে প্ৰতিদিনে ১৯ কোটি ৭৮ লাখ ঘণ্টা ৰিল চোৱাত ব্যয় কৰে।
মেটাৰ তথ্য অনুসৰি ফেচবুক আৰু ইনষ্টাগ্ৰামত প্ৰতিদিনে ২০ হাজাৰ কোটি ৰিল চোৱা হয়।
– বিশ্বজুৰি ইনষ্টাগ্ৰামৰ প্ৰায় ২৪০ কোটি ব্যৱহাৰকাৰী আছে। ইয়াৰে ৫০ কোটি ব্যৱহাৰকাৰী ভাৰতত আছে।
– সমগ্ৰ বিশ্বৰ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলে প্ৰতিদিনে আনৰ সৈতে ৩৫০ কোটি ৰিল শ্বেয়াৰ কৰে।
যুৱক-যুৱতীসকলৰ একাংশই যেন সকলো ধৰণৰ ৰিস্ক লৈ ৰিল বনাবলৈ সাজু থাকে। বাইকত ষ্টাণ্ট কৰাই হওক, নিষিদ্ধ অঞ্চলৰ ভিডিঅ’ বনোৱাই হওক বা অশ্লীল ভিডিঅ’ বনোৱাই হওক, তেওঁলোকে সকলো কৰিবলৈ সাজু। দিল্লী মেট্ৰ’ই আটাইতকৈ বেছি অশান্তি দিয়ে ৰিল বনাই।
মেট্ৰ’ৰ ভিতৰত ৰিল বনোৱা সন্দৰ্ভত দিল্লী মেট্ৰ’ই বহুবাৰ এনে টুইট কৰি আহিছে। আনকি মেট্ৰ’ৰ ঘোষণাতো ৰাইজক ভিডিঅ’ নিদিবলৈ আহ্বান জনোৱা হয়। ইয়াৰ পিছতো কোনো গুৰুত্ব নাই একাংশৰ। যোৱা মাহত হোলীৰ সময়তো এনে বহু ভিডিঅ’ভাইৰেল হৈছিল। যিবোৰক অশ্লীলতাৰ শ্ৰেণীত গণ্য কৰা হৈছিল।
ইফালে ৰীল চাই বেছি সময় কটোৱাটো এটা মানসিক ৰোগৰ দৰেই।
-হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ গৱেষণাৰ মতে বিজ্ঞানীসকলে ছ’চিয়েল মিডিয়াত চোৱা বা ৰিল সৃষ্টি কৰা নিচাক Mass Psychogenic illness বুলি অভিহিত কৰিছে। ইয়াক এম পি আই বুলিও কোৱা হয়।
– হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ এই গৱেষণাত কোৱা হৈছে যে অত্যাধিক ভিডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্ম ব্যৱহাৰ কৰা লোকসকলেও মাছ চাইকোজেনিক ৰোগৰ লক্ষণ দেখা দিয়ে।
বিজ্ঞানীসকলৰ মতে এই ৰোগত আক্ৰান্ত লোকৰ কিছুমান বিশেষ অভ্যাস থাকে, যেনে-আন মানুহৰ সন্মুখত কথা পাতি থাকোঁতে ভৰি জোকাৰি দিয়া। বিজ্ঞানীসকলে ইয়াক Hyper Active Response বুলি অভিহিত কৰিছে।
ইয়াৰ বাহিৰেও দ্বিতীয়টো লক্ষণ হ’ল এডিএইচডি অৰ্থাৎ এটেনচন ডেফিচিট হাইপাৰএক্টিভিটি ডিছঅৰ্ডাৰ। অৰ্থাৎ যিসকল লোকে বহু সময় ধৰি ৰীল চাই থাকে বা ৰীল তৈয়াৰ কৰে এনে ব্যক্তি কোনো কামত মনোনিৱেশ কৰিব নোৱাৰে, কেৱল ভিডিঅ’চোৱাত বা বনোৱাতেই ব্যস্ত থাকিব বিচাৰে।