1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:46 am

ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক নীতা মুকেশ আম্বানীক কিয় প্ৰদান কৰা হয় এই বিশেষ বটাঁ?

  • Update Time : Sunday, March 10, 2024

ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ তথা প্ৰতিষ্ঠাপক নীতা মুকেশ আম্বানীক শনিবাৰে দানশীলতা আৰু সামাজিক কামৰ প্ৰতি থকা দায়বদ্ধতাৰ স্বীকৃতি
হিচাপে মিছ ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ মানৱীয় বটাঁ প্ৰদান কৰা হয়৷ ২৮ বছৰৰ ব্যৱধানৰ অন্তত ভাৰতলৈ অহা জিঅ ৱৰ্ল্ড কনভেনশ্যন চেন্টাৰত অনুষ্ঠিত
হোৱা মিছ ৱৰ্ল্ড ২০২৪ ৰ ৭১ সংখ্যক সংস্কৰণত মিছ ৱৰ্ল্ড অৰ্গেনাইজেশ্যনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জুলীয়া মৰ্লিয়ে এই বটাঁ প্ৰদান কৰে৷
৯ মাৰ্চত মুম্বাইত অনুষ্ঠিত হল মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ৭১ সংখ্যক সংস্কৰণ৷ এই অনুষ্ঠানৰ স্মৃতিত ২০০০ চনত এই খিতাপ দখল কৰা অভিনেত্ৰী
প্ৰিয়ংকা চোপ্ৰাই এক আন্তৰিক ভিডিঅ বাৰ্তাৰ জৰিয়তে দৰ্শকক সম্বোধন কৰে৷ চিটাডেলৰ অভিনেতাগৰাকীয়েএই সুযোগতে নীতা আম্বানীক মিছ ৱৰ্ল্ড মানৱীয় বটাঁ লাভ কৰাৰ বাবে অভিনন্দন জনোৱাৰ লগতে তেওঁৰ দানশীলতা, শিক্ষা, ব্যৱসায়, আৰু ভাৰতীয় কলাৰ প্ৰতি থকা নিষ্ঠাৰ প্ৰশংসা কৰে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme