CTA Entertainment Desk-পুনৰ নতুন বিতৰ্কত এজাজ খান। উল্লু প্লেটফৰ্মত প্ৰচাৰিত ৰিয়েলিটি শ্ব’ ‘হাউছ এৰেষ্ট’ক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে নেট দুনীয়াত। শুকুৰবাৰে অভিনেতা আৰু প্ৰযোজকৰ বিৰুদ্ধে এফআইআৰ দাখিল হোৱাৰ পিছতে উল্লু এপে ডাঙৰ সিদ্ধান্ত লৈছিল আৰু বিতৰ্কিত ‘হাউছ এৰেষ্ট’ নামৰ ৰিয়েলিটী শ্বো’তো উল্লু প্লেটফৰ্মৰ পৰা আঁতৰাই দিয়া হৈছিল৷
এজাজ খানৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ
উল্লু প্লেটফৰ্মৰ বিষয়বস্তুৰ সন্দৰ্ভত ইয়াৰ পূৰ্বেও কেইবাবাৰো অভিযোগ আৰু বিতৰ্ক উত্থাপন কৰা হৈছে। এইবাৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈছে ‘হাউছ এৰেষ্ট’ নামৰ ৰিয়েলিটি শ্ব’টো। শ্ব’টোৰ সঞ্চালনৰ দায়িত্বত আছিল আজাজ খান। শেহতীয়াকৈ নেট দুনিয়াত এই অনুষ্ঠানৰ দুটা দৃশ্যত তীব্ৰ আপত্তি উত্থাপন হৈছে। ইয়াৰে এটা খণ্ডত দেখিবলৈ পোৱা গৈছে যে এগৰাকী মহিলা প্ৰতিযোগীক যৌনতাৰ পাঠ সম্পৰ্কে প্ৰশ্ন কৰা হৈছে। ইয়াৰে আন দুজন প্ৰতিযোগীক ‘কামসূত্ৰ’ৰ মুদ্ৰা দেখুৱাই দিবলৈ কোৱা হৈছে৷
দুটা বিতৰ্কিত দৃশ্য সন্দৰ্ভত অভিযোগ
একেটা খণ্ডতে মহিলা প্ৰতিযোগীসকলক প্ৰত্যাহ্বান জনোৱা হয় যে, কাপোৰৰ তলৰ পৰা আণ্ডাৰগাৰ্মেণ্ট খুলিবলৈ। কেমেৰাৰ সন্মুখতেই এনে আপত্তিজনক দৃশ্য দেখুৱাৰ বাবে শ্ব’টোৰ বিৰুদ্ধে নেট দুনীয়াত চলিছে তুমুল প্ৰতিক্ৰিয়া। যোৱা বছৰ মাৰ্চ মাহত তেওঁৰ বিৰুদ্ধে অশ্লীল বিষয়বস্তুক দেখুৱাৰ বাবে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ১৮ টাকৈ অ’টিটি প্লেটফৰ্মত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু উল্লু আৰু অল্ট বালাজীৰ দৰে দুটা প্লেটফৰ্মত এতিয়াও অশ্লীল বিষয়ে অগ্ৰাধিকাৰ পাই আহিছে৷