1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 8:56 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ

  • Update Time : Wednesday, July 3, 2024

কণ্ঠশিল্পী ৰিছা ভৰদ্বাজ, নিজৰ সাৱলীল কণ্ঠৰ বাবে যিমানেই জনপ্ৰিয় সিমানেই নিজৰ মোহময়ী ৰূপৰ বাবেও জনপ্ৰিয় কণ্ঠশিল্পী ৰিছা ভৰদ্বাজ৷ সেয়ে বহু অসমীয়া ডেকাৰ Crush কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ। কিন্তু হঠাতেই ছ’চিয়েল মিডিয়াত দেখিবলৈ পোৱা গ’ল ৰিছা ভৰদ্বাজৰ এক বিশেষ প’ষ্ট৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰিছাই অনুৰাগীসকলক প্ৰশ্ন কৰিলে ‘মৰম বুলি মাতিলে বেয়া পাবা নেকি?’, কণ্ঠশিল্পীগৰাকীয়ে হঠাতেই ছ’চিয়েল মিডিয়াত এই প্ৰশ্ন কৰিবলৈ হে পালে, লগে লগে প’ষ্টটোত অনুৰাগীসকলৰ কমেণ্টৰ বৰষুণ- কোনোৱে লিখিলে,‘মোৰ বুকুৰ কামি হাড়জনী… একেবাৰে বেয়া নাপাও অ’ তোমাক৷’ আন কোনোৱে আকৌ লিখিলে-‘এহ… মৰম বুলি মাতিলে নো কিয় বেয়া পাম অ’…. মোক নামাতিলে কাক মাতিবা দেহা। মাতি দিয়া… মাতি দিয়া… একোকে নকওঁ দিয়া…’৷ একেদৰে আন এগৰাকী নেটিজেনে লিখিলে,‘তুমি গাধ বুলি মাতিলেও বেয়া নাপাও কলিজা৷’ মুঠতে ৰিছাই মৰম বুলি মাতিলে কোনেও বেয়া নাপায়৷ কিন্তু কণ্ঠশিল্পীগৰাকীৰ উক্ত প’ষ্টটোৰ আলম লৈ সৃষ্টি হৈছিল ৰহস্যৰ আৰু সেই ৰহস্য আছিল ৰিচাই বাৰু কাক মৰম বুলি মাতিব বিচাৰে? পিছে এই ৰহস্য ভেদ কৰিলে খোদ কণ্ঠশিল্পীগৰাকীয়ে, কাৰণ শেহতীয়াকৈ ৰিছা ভৰদ্বাজৰ কণ্ঠত মুক্তি লাভ কৰিছে ‘কি বুলি মাতিলে…’ শীৰ্ষক এটি শ্ৰুতিমধুৰ অসমীয়া আধুনিক গীত৷ উক্ত গীতটিৰ আলম লৈয়ে হয়তো ৰিছাই দিছিল সেই বিশেষ ফেচবুক প’ষ্ট ‘মৰম বুলি মাতিলে বেয়া পাবা নেকি?’, য’ত এগৰাকী অনুৰাগীয়ে কমেণ্ট আকাৰে লিখিছিল-

‘ভাঁ‌হি ভাঁ‌হি এটি সুৰে মোকে দিয়ে
তোমাৰে বতৰা..
আশাবোৰ জ্বলি হয় জোনাকী পৰুৱা।।
কলিজাও কৰে দুফাল চাৰিফাল
তোমাৰ অভিমানে…
মৰম হৈ আছা বৈ …দেহৰ সিৰে সিৰে…’

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme