1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:46 am

ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত নিৰ্বাচিত হৈয়ো অংশগ্ৰহণ কৰিব নোৱাৰিলে অসমৰ আৰ্চাৰী খেলুৱৈয়ে…

  • Update Time : Sunday, May 22, 2022

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈ আদ বাটৰ পৰাই উভতিব লগা হ’ল কণমানি খেলুৱৈ। অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাৰাত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে গৈছিল খেলুৱৈকেইজন।

অসম আৰ্চাৰী সন্থাৰ অৱহেলাৰ বাবেই উভতিব লগা হ’ল খেলুৱৈকেইজন বুলি দাবী উভতি অহা খেলুৱৈৰ। অসম আৰ্চাৰী সন্থাৰ অৱহেলা আৰু দায়িত্বহীনতাৰ বাবে অসমৰ কেইবাজনো প্ৰতিভাৱান আৰ্চাৰী খেলুৱৈয়ে ৰাষ্ট্ৰীয় খেলত অংশ গ্ৰহণৰ বাবে গৈ আদবাটৰ পৰা ওভতিব লগা হোৱা ঘটনাক লৈ উঠিছে প্ৰশ্ন। বিগত ৮ মেত গুৱাহাটীত অনুষ্ঠিত অসম ৰাজ্যিক আৰ্চাৰী প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বিভিন্ন শাখাত ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ ২৫ গৰাকী খেলুৱৈ নিৰ্বাচিত হৈছিল।

ইয়াৰ ভিতৰত ৯ বছৰৰ অনুৰ্দ্ধ অসম দলক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ শিৱসাগৰ জিলাৰ তন্ময় গগৈ আৰু দৰ্শনা নাথ নিৰ্বাচিত হৈছিল। কিন্তু দুৰ্ভাগ্য বিষয় যে অসম আৰ্চাৰী সন্থাই ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱা খেলুৱৈসকলৰ লগত অথবা জিলা আৰ্চাৰী সন্থাৰ লগত কোনো যোগাযোগ নকৰিলে।

অহা ২৩ মেৰ পৰা ২৬ মেলৈকে অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাৰাত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা যোৱা দুগৰাকী আৰ্চাৰী খেলুৱৈৰ ট্ৰেইনৰ টিকট নিশ্চিত নোহোৱাৰ বাবেই বঙাইগাঁ‌ৱৰ পৰা উভতি আহিব লগা ঘটনাই ক্ষোভিত কৰিছে খেলুৱৈক। জানিব পৰা মতে অসমৰ আৰ্চাৰী দলৰ হৈ ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱা দৰ্শনা নাথ আৰু তন্ময় গগৈৰ পৰিয়ালে নিজৰ খৰচত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে ট্ৰেইনৰ টিকট কৰিছিল যদিও ট্ৰেইনৰ আসন নিশ্চত নোহোৱাত উভতি আহিব লগা হয়।

এইবাৰ অন্ধ্ৰপ্ৰদেশত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতালৈ যোৱা সকলো খেলুৱৈয়ে অন্তিম মুহূৰ্তত নিজৰ জেপৰ ধন ভাঙি যাব লগা হৈছে। বঙাইগাঁ‌ৱৰ পৰা উভতি অহা দৰ্শনা আৰু তন্ময়ৰ পৰিয়ালে অভিযোগ কৰে যে অসম আৰ্চাৰী সন্থাৰ পৰা আজিলৈকে তেওঁলোকৰ লগত কোনো যোগাযোগ কৰা নাই আৰু আৰ্থিক অনাটনৰ বাবেই তেওঁলোকে অধিক টকা খৰচ কৰি আকাশী পথ বা অন্যভাৱে যোৱাৰ ব্যৱস্থা কৰিব নোৱাৰিলে। আমগুৰি ৰেলৱে ষ্টেচনত আহি উপস্থিত হোৱা কনমানি দৰ্শনা আৰু তন্ময়ৰ পিতৃয়ে কান্দি কান্দি কয় যে অসম আৰ্চাৰী সন্থাৰ অসহযোগৰ বাবেই তেওঁলোকে এটা ডাঙৰ সুযোগ হেৰুৱালে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme