1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 2:34 pm

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰাৰ ক্ষেত্ৰত কি উদ্দেশ্য থাকিব পাৰে?

  • Update Time : Wednesday, February 28, 2024

‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ অৰ্থাত ‘National Science Day’ প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখে এই দিনটোক প্ৰখ্যাত ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেঙ্কট ৰমণে ৰমণ প্ৰভাৱ উদ্ভাৱন কৰাৰ উপলক্ষে ভাৰতত পালন কৰা হয়। এই উদ্ভাৱনৰ বাবে ১৯৩০ চনত তেখেতক পদাৰ্থ বিজ্ঞানৰ নবেল বঁটাৰে সন্মানিত কৰা হৈছিল। এতিয়া ভাৰত চৰকাৰে ২৮ ফেব্ৰুৱাৰী দিনটোত বি়জ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিজ্ঞানীসকলক সন্মান জনায়। মানুহৰ দৈনন্দিন জীৱনত বিজ্ঞানে প্ৰদান কৰা সা-সুবিধাসমূহৰ বিশেষত্বৰ বিষয়ে বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। ইয়াৰ লগতে মানৱ সমাজৰ কল্যাণৰ অৰ্থে বিজ্ঞানৰ ক্ষেত্ৰখনত হোৱা প্ৰত্যেকটো কাৰ্যকলাপ, প্ৰচেষ্টা আৰু সফলতাক প্ৰদৰ্শন কৰা, ছাত্ৰ ছাত্ৰী সকলক বিজ্ঞানৰ সফলতাসমূহৰ বিষয়ে অৱগত কৰা আৰু বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰি তোলাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয়। বিজ্ঞানৰ অগ্ৰগতিৰ বাবে বিষয়সমূহ আলোচনা কৰা, নতুন প্ৰযুক্তি প্ৰয়োগ কৰাৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক জনপ্ৰিয় কৰাটোও ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰাৰ এক অন্যতম উদ্দেশ্য।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme